আৰু কিমান বিতুমণিৰ মৃত্যু হ’ব?

342

♦ ডিম্পুল বৰগোঁহাই

অসমীয়া সমাজত এজনী ছোৱালী বিয়া দিবলৈ বৰ বিশেষ চিন্তা কৰিব লগা নাছিল। গাঁৱৰ এজন জীয়ৰীক উলিয়াই দিওঁতে আগতে কেইটামান বিশেষ বস্তু লগত দি পঠিয়াইছিল। তাৰ ভিতৰত বাঁহৰ বাঢ়নি, খেৰৰ সূঁতা, যঁতৰ, তাঁতৰ শাল, এখন বিচনা, দুখন কাঁহি, বঁটা, ভাতৰ চৰু আৰু কেৰাহী, চাহৰ কাপ, টিঙৰ বাকচত কেইযোৰমান কাপোৰ, গামোচা, এখন টেবুল, চকী ইত্যাদি।

যিবোৰ সামগ্ৰী বিয়াত দিয়া হৈছিল সেই সামগ্ৰীবোৰ আছিল নিত্য প্ৰয়োজনীয়। এখন নতুন ঘৰলৈ গৈ যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সাজু কৰি পঠিওৱা হৈছিল ছোৱালীজনীক। এইবোৰক যৌতুক বুলি আখ্যা দিব নোৱাৰি। সমাজ পাতি বিবাহ কাৰ্য সম্পন্ন হোৱাৰ সময়তে বৈবাহিক জীৱনৰ কিছু আদিপাঠ সমাজৰ গুৰুস্থানীয় ব্যক্তিসকলে নতুন পতি-পত্নীক দিছিল।

অসমীয়া সমাজ জীৱনৰ এই বিয়া পতাৰ পৰম্পৰা এতিয়া অতীত হোৱাৰ পথত। আগতে কলপাতৰ ৰভা দি ৭ দিনযোৰা বিয়া পাতিছিল অসমীয়া পৰিয়ালে। তাৰে প্ৰতিটো দিনতে পৰ্যায়ক্ৰমে গৃহস্থী জীৱনৰ প্ৰতি ছোৱালীজনী বা ল’ৰাটোক কেনেদৰে সাজু হ’ব লাগে তাৰ নীতি শিক্ষা দিয়াৰ নিয়ম আছিল। সমান্তৰালভাৱে ডেকা জীৱন এটা অন্ত পৰাৰ বাবে তেওঁৰ লগৰীয়াবোৰক উপভোগ কৰিবলৈ এটা দিন পৃথককৈ ৰখা হৈছিল। গাঁথিয়ন খুন্দা এই দিনটোত লগৰ বা গাঁৱৰ যুৱক-যুৱতীসকলে মিলি খুব আনন্দ কৰে, ভোজ-ভাত খায়। তাৰ অন্তত যুৱকজনক বৈবাহিক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। সেয়া আজি হ’ল গৈ ‘বেটছেল’ৰ পাৰ্টী’।

লাহে লাহে অসমীয়া সমাজ জীৱনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বিয়া হেৰাই গ’ল। আধুনিকতাৰ প্ৰভাৱ পৰিল আমাৰ ওপৰতো। বিয়া এখন পাতিবলৈ আন সা-সামগ্ৰী কথা বাদ, দৰাৰ ঘৰৰ পৰা কইনা ঘৰত কি কি বস্তু লাগিব তাৰ তালিকা দিয়া বেয়া পৰম্পৰা গঢ় লৈ উঠিল। এনেদৰেই এক বৈবাহিক সম্পৰ্ক ভোগবাদে অপবিত্ৰ কৰি তুলিলে।

দুমাহৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছিল বিতুমণি হাজৰিকা নামৰ ছোৱালীজনী। সোমবাৰৰ আবেলি ৪ বজাত ঘৰত ৰহস্যজনকভাৱে জ্বলি মৃত্যু মুখত পৰা বিতুমণিৰ নশ্বৰদেহ বুধবাৰৰ আবেলিলৈকে প্ৰায় ২৪ ঘণ্টা চিকিৎসালয়ত পৰি থাকিল। মৃত্যুৰ পাছতো যেন এই যুৱতীগৰাকীৰ আত্মাই শান্তি নাপালে।

বিতুমণিৰ মৃত্যুক লৈ বহু কথাই চৰ্চা হৈছে। বিতুমণিৰ পিতৃ-পৰিয়ালৰ অভিযোগ- স্বামীগৃহই অত্যাচাৰ চলাই তেওঁক হত্যা কৰিছে। এক কথাত কন্যা বিতুমণিক জ্বলাই হত্যা কৰা বুলি অভিযোগ কৰিছে পিতৃ তিলক হাজৰিকাই। দুখ, বেদনা আৰু ক্ষোভত কঁপি উঠা পিতৃগৰাকীৰ ভাষ্য কিমান সত্য সেয়া অনুসন্ধানত পোহৰলৈ আহিব। কিন্তু দুমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এই যুৱতীগৰাকীৰ মৃত্যুৰ সৈতে যে কিবা ৰহস্য বা কাৰণ জড়িত হৈ আছে তাক নহয় বুলি কোনেও ক’ব নোৱাৰে।

বিতুমণিৰ আত্মীয়-স্বজন, বংশৰ সৈতে কথা পাতি এটা কথা গম পোৱা গৈছিল। সেয়া হ’ল- প্ৰায় ১০ বছৰ ধৰি বিতুমণিৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল কিৰিতি বৰুৱা নামৰ আৰক্ষী জোৱানজনৰ সৈতে। কিন্তু এই যুৱতীগৰাকীৰ পৰিয়ালে সদৰি কৰা মতে, বিবাহপাশত আৱদ্ধ হ’ব বিচৰা নাছিল কিৰিতি। বিয়াৰ উপযুক্ত ছোৱালী এজনী এনেদৰে কাৰোবাৰ আশাত ১০ বছৰ থকা পাছত আৰু এক সু-সম্পৰ্ক ৰক্ষা কৰাৰ অন্তত আন কাৰোবাৰ সৈতে বিয়াপাশত আৱদ্ধ হোৱাৰ প্ৰশ্ন নুঠে। সেয়েহে কিছু হেঁচা দি বিতুমণিক বিয়া কৰাবলৈ বাধ্য কৰোৱা হৈছিল বুলিও চৰ্চা চলিছে।

৬০ দিনৰ যুগ্মজীৱনৰ পৰিণতিত এক কৰুণ অধ্যায় হৈ পৰা বিতুমণিৰ গাৰ পৰা মাহ-হালধিৰ গোন্ধই যোৱা নাছিল। ক’ৰ্ট মেৰেজযোগে বিবাহপাশত আৱদ্ধ হোৱা বিতুমণিৰ পৰিয়ালে ভাবিছিল- লাহে লাহে বিতুমণিকো এখন ঘৰৰ পৰা এজনী ছোৱালীক উলিয়াই দিওঁতে যি কেইপদ সামগ্ৰী দিব লাগে সেয়া দিব। কিন্তু সেই আশা পুৰণ নহ’ল বিতুমণিৰ পিতৃ আৰু আনক সহায় কৰি ভালপোৱা ভাতৃ বিৰাজ হাজৰিকাৰ।

চিকিৎসালয়ত বুধবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা বিতুমণিৰ দেহটো এনেদৰে জ্বলিছিল যে, সেয়া দ্বিতীয়বাৰলৈ চাব নোৱাৰি। নীলা পলিথিন এটাৰে মেৰিয়াই থোৱা, অযুত সপোন বুকুত লৈ সংসাৰ গঢ়িবলৈ যোৱা ছোৱালীজনীৰ নশ্বৰ দেহ দেখা পালে যিকোনো লোকেই উচুপি উঠিব। এনে কাণ্ড সংঘটিত কৰা ঘাতকক ফাচী দিয়ক বুলিয়েই চিঞৰিব।

বিতুমণিৰ পিতৃয়ে আৰু বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। সেইবোৰ অভিযোগৰ সত্যতা বিচাৰ কৰা দায়িত্ব আৰক্ষী বা আদালতৰ। কিন্তু এনেদৰে গ্ৰাহস্থ্য হিংসাৰ বলি হৈ প্ৰাণ হেৰুওৱা বিতুমণিয়ে কেৱল একমাত্ৰ বোৱাৰী নহয়। অসমত গড়ে স্বামীৰ হাতত প্ৰতিমাহে ৭-৮জনীকৈ বোৱাৰী নিৰ্যাতনৰ বলি হৈ মৃত্যুৰ মুখত পৰে। বহুতে সেই নিৰ্যাতন আনক ৰাজহুৱা নকৰে যদিও, স্বামীৰ নিৰ্যাতনৰ বাবেই ঘৰত থাকিও এক নৰক সদৃশ পৰিবেশত বাস কৰে। তেওঁলোকে ঘৰৰ সন্মানৰ কথা ভাবি বা স্বামীৰ পৰিয়ালৰ কথা চিন্তা কৰি, কোনোৱে পুত্ৰ-কন্যাৰ ভবিষ্যতৰ কথা দোহাই দি নীৰৱে এই যান্ত্ৰণা সহ্য কৰি যায়।

নাৰী বাহিৰত নিৰাপদ নহয়। কিন্তু আজি ঘৰৰ ভিতৰতেই প্ৰিয়জনৰ ওচৰতেই নাৰীৰ নিৰাপত্তা নাই। এই ধৰণৰ ঘটনা আজি দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। নাৰীক বলাৎকাৰ, নিৰ্যাতন আদি ঘটনাৰ অধিক সংখ্যক অপৰাধীয়েই তেওঁৰ চিনাকি ব্যক্তি বা পৰিয়ালৰ লোকৰ দ্বাৰাই সংঘটিত হয়। যিবোৰ ঘটনা সংঘটিত হোৱাৰ পাছত পাৰিবাৰিক হেঁচা ব্যক্তিগত মান সন্মানৰ প্ৰশ্নত কাৰো ওচৰত ব্যক্ত কৰিব নোৱাৰে এনে নিৰ্যাতনৰ বলি হোৱা নাৰীয়ে।

বিতুমণিয়ে দেউতাকলৈ ফোন কৰিছিল। কিছুদিনৰ আগতে ফোনত দেউতাকক জনাইছিল- কেইটামান টকা লাগে। স্বামী কিৰিতি সেই ধন বিচৰা বুলি দেউতাকক কৈছিল। অসম আৰক্ষীত কৰ্মৰত স্বামী কিৰিতিয়ে বিতুমণিৰ পৰিয়ালৰ পৰা এইদৰে ধন খোজা অভিযোগো এতিয়া উত্থাপিত হৈছে। আৰক্ষীয়ে এই ঘটনাৰে জড়িতৰ সন্দেহত দুজনক আটক কৰিছে। বিতুমণিৰ মৃত্যুৱে পুনৰবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পাৰিবাৰিক সংঘাতৰ এনে কৰুণ পৰিণতি প্ৰতিৰোধৰ বাবে আইন হৈছে। কিন্তু এই আইনেও প্ৰতিৰোধ কৰিব পৰা নাই এতিয়া এনে ধৰণৰ ঘটনা।

এই ধৰণৰ ঘটনা সংঘটিত হ’লেই দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উঠে। বিতুমণিৰ ক্ষেত্ৰতো সেয়াই হৈছে। অভিযুক্ত সকলক কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে। কিন্তু আৰু কিমান বিতুমণি হেৰাব এনেকৈ? ইয়াৰ অন্ত পৰিব নে কেতিয়াবা? এদিনটো আমাৰ সমাজত এনেধৰণৰ ঘটনা ঘটা নাছিল। এতিয়া কিয় সংঘটিত হ’ব ধৰিছে এইবোৰ ঘটনা? দোষীক শাস্তি বিহাৰ লগতে  সেইবোৰ কথাও ভবা সময় এয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি