সাৱধান! দেশৰ জুয়ে পোৰা ঘটনাৰ ১০ৰ পৰা ১২ শতাংশ সংঘটিত হয় দীপাৱলীত

সাৱধান! দেশৰ জুয়ে পোৰা ঘটনাৰ ১০ৰ পৰা ১২ শতাংশ সংঘটিত হয় দীপাৱলীত

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি পোহৰৰ উৎসৱ৷ সমগ্ৰ বিশ্ব জুৰি আজি জিলিকি উঠিব নানৰঙী পোহৰৰ সমাহাৰেৰে৷ পোহৰৰ মায়াজলত ক'ৰবাতেই যেন আবদ্ধ হৈ ৰ'ব দুৰ্গতিৰ এন্ধাৰ৷ কিন্তু দীপাৱলীৰ পোহৰৰ মাজতে শুনিব পোৱা যাৱ আতচবাজীৰ কাণতাল মৰা শব্দ৷ বিশেষকৈ ভাৰতৰ শব্দ আৰু বায়ু প্ৰদূষণৰ ইয়ো এটা কাৰণ৷

দীপাৱলীৰ আনন্দ উৎসৱৰ মাজতে আন এক সমস্যা প্ৰায়ে দেখা যায়৷ সেয়া হৈছে পোহৰৰ উৎসৱ পালন কৰিবলৈ গৈ অগ্নিদগ্ধ লোকৰ সংখ্যা৷ দীপাৱলীৰ ৰঙ ৰইচৰ মাজত আতচবাজী ফুটাবলৈ গৈ বা চাকি জ্বলাবলৈ গৈ বহু লোক অগ্নিদগ্ধ হ'ব লগা হয়৷ আনহাতে গুৱাহাটীৰ নেমকেয়াৰৰ হাস্পতালৰ এক তথ্য মতে বিগত ৭ বছৰত দীপাৱলীৰ সময়তে চিকিৎসালয়খনতে প্ৰায় ৩৫৭৭ জন অগ্নিদগ্ধ ৰোগী চিকিৎসাধীন হৈছে৷ ইয়াৰে অধিকাংশয়ে চকু, মুখ আৰু হাতত আঘাতপ্ৰাপ্ত বুলিও প্ৰকাশ কৰিছে চিকিৎসালয়খনে৷

আনহাতে আন এক সমীক্ষা মতে ভাৰতৰ মুঠ জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত ১০ৰ পৰা ১২ শতাংশ দীপাৱলীৰ সময়ত সংঘটিত হয়৷ এই সমীক্ষাৰ প্ৰতি নজৰ দিলে এয়া স্পষ্ট হৈ যে দীপাৱলী যিমানেই আনন্দৰ উৎসৱ সিমানে ভয়াবহও৷

যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন নামৰ এটি সংস্থাই এইবাৰ দীপাৱলীত তেনে কোনো দুৰ্ঘটনা সংঘটিত নহ'বলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ গোলকীয় উষ্ণতাৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ পৰিৱৰ্তন আৰু জুয়ে পোৰা দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷

ইফালে সংস্থাটোৱে এইবাৰ দীপাৱলীক কেৱল পোহৰৰ উৎসৱ হিচাপে ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনাইছে৷ লগতে অভাৱনীয় দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ সকলোকে সতৰ্ক হৈ থাকিবলৈ সংস্থাটোৱে আহ্বান জনাই পৰাপক্ষত কলপুলি ব্যৱহাৰ নকৰিবলৈকো সকলোকে সকীয়াই দিছে৷

আনহাতে আতচবাজীয়ে বায়ু আৰু শব্দ প্ৰদূষণ কৰাৰ লগতে দুৰ্ঘটনাও সংঘটিত কৰে বুলি উল্লেখ কৰি বাৰ্ণ কেয়াৰ ফাইণ্ডেশ্যনে সকলোকে আতচবাজীৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in