/asomiyapratidin/media/media_files/2026/03/05/sashikanttaaa-2026-03-05-14-41-06.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল বনিয়াই। বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিলে ৬১ নং ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
তেওঁৰ মতে যিসকল ব্যক্তিয়ে কংগ্ৰেছ দলত থাকি কংগ্ৰেছ দলটোক সৎ ব্যৱহাৰ কৰিব পৰা নাই, যিসকল লোকে কংগ্ৰেছ দলত থাকি দলৰ পৰা সুবিধা আদায় কৰি সময়ত কংগ্ৰেছ দলটোক বিপথে পৰিচালিত কৰাত সহযোগ কৰিছে তেনে লোক এই দলৰ পৰা আঁতৰি থকাই ভাল।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়- অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত এক পিছপৰা সমষ্টি হৈছে ৰহা সমষ্টি। গতিকে এইবাৰ ৰহা সমষ্টিবাসীয়ে এগৰাকী যোগ্য প্ৰাৰ্থী বিচাৰিছে যিগৰাকীয়ে ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰি যাব। তেওঁ লগতে কয় যে- এগৰাকী যুৱ ব্যৱসায়ী হিচাপে তথা "ডুগডুগী"ৰ স্বত্বাধিকাৰ হিচাপে পৰিচিত উৎপল বনিয়াই ব্যৱসায়ৰ লগতে ৰাজনীতিত প্ৰবেশ কৰি সদায় ৰাইজৰ সেৱা আগবঢ়াই যাব। আগন্তুক দিনত ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছে উৎপল বনিয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us