বৰপথাৰত সাংগঠনিক সভাত অংশ ল’বলৈ গৈ ক’লা পতাকাৰ সন্মুখীন হ’ল ৰঞ্জিত দাস…

বৰপথাৰত সাংগঠনিক সভাত অংশ ল’বলৈ গৈ ক’লা পতাকাৰ সন্মুখীন হ’ল ৰঞ্জিত দাস…

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰ বিধান সভা সমষ্টিত সাংগঠনিক সভাত অংশ গ্ৰহন কৰিবলৈ আহি আছুৰ কলা পতাকাৰ সন্মূখীন হয় বিজেপিৰ সভাপতি ৰঞ্জিত দাস । ধনশিৰি মহকুমা ছাত্ৰ সন্হাই কলা পতাকা প্ৰদৰ্শন কৰি গনতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী আৰু চিআৰপিএফে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে।

তদুপৰি ধনশিৰি মহকুমা ছাত্ৰ সন্হাৰ সম্পাদক সুভাষ শইকীয়া,গোলাঘাট জিলা ছাত্ৰ সন্হাৰ শিক্ষা সম্পাদক ৰিকি বৰা,বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদক মিলন কৈৰীসহ ১২ গৰাকী ছাত্ৰকৰ্মীক আৰক্ষীয়ে আটক কৰে।

সভাপতি ৰঞ্জিত দাসে ছাত্ৰ সন্হাই গনতান্ত্ৰিকভাৱে কলা পতাকা দেখুয়াইছে আৰু তেওঁ গামোচা দেখুৱাইছে তাত একো নাই বুলি কৈ এছ.পিক গোচৰ নলবলৈ কৈ থৈছে বুলি কয় | ইফালে ছাত্ৰ কৰ্মীসকলক যে নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰাৰ কথা কোৱাত তেওঁ কয় যে প্ৰতিবাদ কাৰীসকলে নিশ্চয় আইন হাতত তুলি লৈছে | ইফালে আটক কৰি ৰখা প্ৰতিবাদকাৰী সকলক শীঘ্ৰে মুকলি কৰি নিদিলে ভয়ংকৰ পৰিস্হিতিৰ সৃষ্টি হব বুলি ছাত্ৰ কৰ্মীসকলে ভাবুকি প্ৰদান কৰিছে

আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন কৰিলেও বিজেপি দলৰ এটা ভোটো নিব নোৱাৰে বুলি ৰঞ্জিত দাসে বক্তব্য আগবঢ়ায় | আগন্তুক ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হব সেই সম্পৰ্কে অহা ১ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা,তেওঁ আৰু দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে বৈঠক কৰি কেন্দ্ৰীয় সমিতিলৈ পেনেল প্ৰেৰণ কৰা হব বুলি কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in