সবল হ’ব লাগিব অসম জাতীয় পৰিষদঃ আহ্বায়ক ৰাজু ফুকনক সৰু পথাৰবাসীয়ে দিলে ধনৰ টেকেলি…

সবল হ’ব লাগিব অসম জাতীয় পৰিষদঃ আহ্বায়ক ৰাজু ফুকনক সৰু পথাৰবাসীয়ে দিলে ধনৰ টেকেলি…

ডিজিটেল সংবাদ , সৰুপথাৰঃ ২০২১ চনৰ ৰাজনৈতিক যুঁজৰ বাবে আহ্বায়কৰ দায়িত্ব লৈ আজি গৃহ সমষ্টি সৰুপথাৰত উপস্থিত নৱ নিৰ্বাচিত অসম জাতীয় পৰিষদ চমুকৈ AJP ৰ আহ্বায়ক ৰাজু ফুকন ৷

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদকৰ পদৰ পৰা ৰাজু ফুকনে পদত্যাগ কৰাৰ পিছতে আছুৰ নতুন ৰাজনৈতিক দলৰ AJP আহ্বায়কৰ দায়িত্ব লৈ ধনশিৰি মহকুমাত উপস্থিত হোৱাত ধনশিৰি মহকুমাবাসীয়ে বিপুল আদৰণি জনায় ৰাজু ফুকনক ৷

ঢোল,তাল ,পেঁপা, গায়ন বায়ন, বিহু,জুমুৰ আদি বিভিন্ন জনগোষ্ঠীৰ নৃত্য তথা বাদ্য যন্ত্ৰ বজাই চুঙাজান চাৰি আলিৰ পৰা বৰপথাৰৰ বিলগাওঁস্থিত নিজ গৃহলৈকে এনে দৰে বিপুল আদৰণি জনাই ৰাজু ফুকনক ৷ উক্ত আদৰনি অনুষ্ঠানত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আদৰি আনে । এনে দৰে শ শ লোকে আদৰণি জনাই গৃহ চহৰ খনলৈ ৷

সৰুপথাৰ চহৰৰ মাজ মজিয়াত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্বহীদ সকলৰ সেৱা জনাই ৰাজু ফুকনে ৷ আনহাতে গাওঁৰ ৰাইজে সাঁচতীয়া ধনৰ টোপোলা প্ৰদান কৰে নেতা গৰাকীক ৷ নতুন ৰাজনৈতিক দলটোৰ সাংগঠনিক দিশটো সবল কৰিবৰ কাৰণে ৰাইজে আগ বহালে ধনৰ টেকেলি ৷

সদৌ অসম ছাত্ৰ সন্থাই নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক ভৱিষ্যতেও নিয়ন্ত্ৰণ কৰি থাকিব পৰাকৈ এক পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদ চমুকৈ AJP ৰ অন্যতম আহ্বায়ক ৰাজু ফুকনে ৷আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে যোগাত্মক আলোচনা কৰিব বুলিও উল্লেখ কৰে অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in