সৰুপথাৰত নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম দিৱস উপলক্ষে স্বচ্ছতা অভিযান কাৰ্যসূচী…

সৰুপথাৰত নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম দিৱস উপলক্ষে স্বচ্ছতা অভিযান কাৰ্যসূচী…

ডিজিটেল সংবাদ, সৰুপথাৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম দিৱস উপলক্ষে ৰাজ্যজুৰি ১৪ তাৰিখৰ পৰা সেৱা সপ্তাহ পালন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । মঙলবাৰে সৰুপথাৰ সমষ্টিৰ বৰপথাৰ মণ্ডলৰ অন্তৰ্গত টেঙাহোলা ১ নং প্ৰাথমিক বিদ্যালয়ত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

বৰপথাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই স্বচ্ছতা অভিযান কাৰ্যসূচী শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য জীৱন চুতীয়াই । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ প্ৰাকক্ষণত তেওঁৰ স্বচ্ছ ভাৰতৰ সপোনক ৰাজ্যজুৰি বাস্তৱায়িত কৰি তেঁওক সন্মান প্ৰদৰ্শন কৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকতাৰ লগতে স্থানীয় ৰাইজে । এই কাৰ্যসূচীত জ্যেষ্ঠ বিজেপি কৰ্মী জগত বুঢ়াগোহাঁই, বৰপথাৰ মণ্ডলৰ সভাপতি চম্পক ৰায়ৰ লগতে বহু বিজেপি কাৰ্যকতা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in