বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ধনশিৰি মহকুমাৰ বৰপথাৰ শংকৰদেৱ শিশু নিকেতনে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মূঠ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত সকলো শিক্ষাৰ্থীয়েই উৰ্ত্তীণ হৈ মহকুমাতোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ১৩ গৰাকী, দ্বিতীয় বিভাগত ১১ গৰাকী, তৃতীয় বিভাগত ১ গৰাকী ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হয়।

ইয়াৰে দুগৰাকীয়ে ডিষ্টিংচন, ৮ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। ইয়াৰে প্ৰিয়ংকা শৰ্মা নামৰ ছাত্ৰীগৰাকীয়ে গণিতত এশ শতাংশ নম্বৰ লাভ কৰে। আনহাতে ধনশিৰি মহকুমাৰ এখন আগশাৰী শিক্ষানুষ্ঠান অঞ্জলি বৰবৰা মেমৰিয়েল একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণ হৈ মহকুমাতোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিদ্যালয়খনৰ মুঠ ১০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত তিনি গৰাকী প্ৰথম বিভাগত, ছয় গৰাকী দ্বিতীয় বিভাগত আৰু এগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। অঞ্চলটোত আন এখন আগশাৰী শিক্ষানুষ্ঠান বলোসিং মেম'ৰিয়েল বিদ্যালয়ৰ মুঠ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৮ গৰাকী প্ৰথম বিভাগত, ১৭ গৰাকী দ্বিতীয় বিভাগত, আৰু চাৰি গৰাকী তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৬ গৰাকী ডিষ্টিংচন আৰু ৬ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে। আনহাতে সম্ৰাট চৌধুৰী নামৰ ছাত্ৰীগৰাকীয়ে গণিতত এশ শতাংশ নম্বৰ লাভ কৰে যদিও বিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in