সৰুক্ষেত্ৰীত বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৰাজহ মন্ত্ৰী ভবেশ কলিতাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন…

সৰুক্ষেত্ৰীত বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৰাজহ মন্ত্ৰী ভবেশ কলিতাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন…

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যখনত কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিতো সৃষ্টি হৈছে বানপানীৰ। চাৰি-পাঁচ দিন ধৰি বানপানীৰ কৱলত পৰি ককবকাই আছে সৰুক্ষেত্ৰীৰ বন্যাৰ্তই। সৰুক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিগত দুদিন ধৰি বন্যাৰ্তৰ খা-খবৰ লোৱাৰ লগতে বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

দেওবাৰেও বিধায়কগৰাকী পুৱাৰে পৰা বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।মধ্য পাকা গাঁও পঞ্চায়তৰ ঘোঁৰামাৰাত কালদিয়া নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া এটি পথ পৰিদৰ্শন কৰাৰ পিছতে ১২নং কাৱৈমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে । ইয়াৰ পিছতেই বিধায়ক জাকিৰ হুছেইন শিকদাৰে যশোদাৰ পাম, কালজাহি গাঁও, কালজাহি পাথাৰ, শিংৰা , বোগচৰা , আগদিয়া পথাৰ, সৰিয়হকুছি, ৰঙিয়া গাঁও, ৰঙিয়া পাম, গহিয়া আদি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত সৃষ্টি হোৱা হাহাকাৰময় পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতি সোনকালে বান সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত বিধায়ক জাকিৰ হুছেইন শিকদাৰে বান সাহায্য সন্দৰ্ভত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাক সাক্ষাৎ কৰে আৰু অতি সোনকালে বান সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনায় । চাৰি-পাঁচ দিন ধৰি বানপানীৰ কবলত পৰি ককবকাই থকাৰ পিছতো সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১১৭খন ৰাজহ গাঁৱৰ বন্যাৰ্তই এতিয়ালৈ পোৱা নাই কোনো বান সাহায্য । অবৰ্ণনীয় পৰিস্থিতিয়ে দেখা দিছে বন্যাৰ্তৰ মাজত। দেওবাৰে আবেলি ৰাজহ মন্ত্ৰী ভবেশ কলিতাই সৰ্থেবাৰীৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় সৰ্থেবাৰীত।

ৰাজহ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীক লগত লৈ বটিয়া, কালাতলি আৰু পাৰাহকুছি অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । বান পৰিস্থিতি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ স'তে মত-বিনিময় কৰি বুঢ়াদিয়া নদীৰ বান সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে । বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এচ ডি আৰ এফ বাহিনীৰ লগতে ভাৰতীয় সেনা সষ্টম হৈ থকাৰ কথা উল্লেখ কৰাৰ লগতে আশ্ৰয় শিবিৰ সমূহত বন্যাৰ্তই যাতে কোনো অসুবিধা নাপাই তাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজহ মন্ত্ৰী ভবেশ কলিতাই উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in