সৰ্থেবাৰীত চক্ৰ বিষয়াৰ নেতৃত্বত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

সৰ্থেবাৰীত চক্ৰ বিষয়াৰ নেতৃত্বত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

ডিজিটেল সংবাদ ,চেঙাঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাদক দ্ৰব্যৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে জিৰা আৰক্ষী প্ৰশাসন। শুকুৰবাৰে সন্ধিয়া সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীৰ স'তে সৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া চন্দন বৰগোহাঞিসহ কাৰ্যালয়ৰ এটি দলে যুটীয়াভাৱে অভিযান চলাই সৰ্থেবাৰীৰ মাছ বজাৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

অবৈধ সুৰাৰ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগত সৰ্থেবাৰীৰ ধীৰাজ ডেকা নামৰ এগৰাকী যুৱকক আটক কৰাৰ লগতে ৩১লিটাৰ বিলাতী সুৰা জব্দ কৰা বুলি জানিবলৈ দিয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাই ।

সৰ্থেবাৰী আৰক্ষী থানাত ধৃত ধীৰাজ ডেকাক সোধাপোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ১৬ মাৰ্চতো চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত বনিয়াকুছিৰ বাসন্তী ডেকাৰ ঘৰৰ পৰা ৪০.৭০০ লিটাৰ অবৈধ বিলাতী সুৰা আৰু দেশীয় সুৰা জব্দ কৰা হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in