টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, সৰভোগঃ কোনো কথাক লৈ কাজিয়া। সেই কাজিয়াৰ বাবে পানী খোৱা দমকলত বিহ ঢালিলে এজনে। উদ্দেশ্য, ধৰা নপৰাকৈ কাজিয়াৰ পিছত হৈ পৰা ঘোৰ শত্ৰুসকলক হত্যা কৰা। পিছে সাৱধানতাই সেই লোকজনৰ এনে ষড়যন্ত্ৰৰ পৰা ৰক্ষা পেলায় ১৫ জনকৈ লোকক।

এই ঘটনা বৰপেটা জিলাৰ সৰভোগৰ এখন গাঁৱৰ। কিছুদিন পূৰ্বে নিৰেন ৰায় নামৰ লোকজনৰ পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল কুশল ৰায়। তাৰ পিছতেই জিংঘাসু মানসিকতাৰে অজ্ঞাত দুৰ্বৃত্তই নিৰেন পৰিয়ালৰ লোকসকলে পানী খাবলৈ ব্যৱহাৰ কৰা দমকল আৰু ফিল্টাৰত বিহ ঢালি থৈ যায়।

সোমবাৰে পুৱাই নিৰেনৰ পত্নীয়ে মুখ ধুবলৈ বুলি দমকলৰ পাৰলৈ যায়। কোনো কাৰণত সেই সময়ত দমকলটোৰ পৰা পানী নোলোৱাত ফিল্টাৰটোৰ ওচৰলৈ গৈ ৰঙচুৱা পানী ওলোৱা প্ৰত্যক্ষ কৰে।

ফিল্টাৰৰ পৰা ৰঙচুৱা পানী ওলোৱাত নিৰেনৰ পত্নীৰ সন্দেহ ওপজে। ভালদৰে চোৱাৰ পিছত পানীখিনিত বিহ মিহলোৱা বুলি নিশ্চিত হয় পৰিয়ালটো।

ভালদৰে ইফালে-সিফালে চোৱাত ঘৰৰ বাহিৰৰ একাধিক মূল্যৱান সামগ্ৰীও দুৰ্বৃত্তই নষ্ট কৰি থৈ যোৱাতো প্ৰত্যক্ষ কৰে নিৰেন আৰু তেওঁৰ পত্নীয়ে। কিছু সময় পিছত একে গাঁৱতে থকা নিৰেনৰ দুগৰাকীকৈ বায়েকৰ ঘৰতো দুৰ্বৃত্তই অনুৰূপ ঘটনা সংঘটিত কৰাৰ খবৰ লাভ কৰে।

পৰিয়ালটোৱে কুশল নামৰ লোকজনেই এই কু-কাৰ্য সংঘটিত কৰাৰ অভিযোগ তুলি সৰভোগ থানাত এখন এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত প্ৰকৃত অপৰাধী কোন সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in