/asomiyapratidin/media/media_files/2026/02/01/new-ap-w-2026-02-01-19-43-43.jpeg)
ডিজিটেল ডেস্কঃ নৱম বাৰৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট।নতুন দিল্লীত কেন্দ্রীয় বাজেট দাখিল কৰাৰ পাছত সংবাদমেল সম্বোধন কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। এইবাৰৰ বাজেটত বন্দৰ জাহাজ আৰু জলপৰিবহণ মন্ত্রালয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা দেখা পোৱা গৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মকেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।
/asomiyapratidin/media/post_attachments/a20f3f2d-289.png)
সংবাদমেল সম্বোধন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বহু কেইটা কথা উল্লেখ কৰে। বিদেশৰ কোম্পানীৰ পৰা কন্টেনাৰ কিনিব লগা হৈছিল বিভাগটোয়ে।এতিয়াৰে পৰা কন্টেনাৰ নিৰ্মাণ হব ভাৰতত। ১০ হাজাৰ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে এইবাৰৰ বাজেটত যাৰ ফলত আত্মনিৰ্ভৰ ভাৰতৰ দিশত বিভাগটোৱে আৰু গতি পাব। অসমৰ লগতে আৰু দুটা ঠাইত Regional Centre of Excellence গঠন হ'ব। বাৰাণসী আৰু পাটনাত নিৰ্মাণ কৰা হ'ব Ship Building Facility। পূৰ্বে কলকাতাত যাব লগা হৈছিল জাহাজ মেৰামতিৰ বাবে। এতিয়া বাৰাণসীত জাহাজসমূহৰ মেৰামতি কৰিব পাৰিব।সাগৰীয় এলেকাত আমি ৬ শতাংশৰ পৰা ১২ শতাংশ Ship Management বাবে আমি কাম কৰি আছো। এই বাজেটে আমাক আৰু সহায় কৰিব। লগতে অসম- উত্তৰ-পূৱৰ বাবে কেন্দ্ৰীয় বাজেটে বহু প্ৰত্যাশা কঢ়িয়াই আনিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us