দুধনৈত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰঃ সমন্বয়েৰে দেশক শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

দুধনৈত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰঃ সমন্বয়েৰে দেশক শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ বৰ্তমান সময়ত দেশক শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ লগতে এক দুৰ্নীতি মুক্ত আৰু নিকা প্ৰশাসনৰ প্ৰয়োজনীয়তা দেশবাসীয়ে উপলব্ধি কৰিছে। কংগ্ৰেছ দলে দেশৰ স্বাধীনতা লাভৰ সত্তৰ বছৰৰ ভিতৰত প্ৰায় ষাঠিটা বছৰেই দেশৰ শাসনত থাকিল যদিও উল্লখিত সময়ছোৱাত দেশৰ উন্নয়নৰ পৰিবৰ্তে দুৰ্নীতি অনিয়মেৰে লুণ্ঠন চলাই দেশবাসীক লুটি-পুটি খোৱাৰ বাবে সম্প্ৰতি সমগ্ৰ দেশৰ জনসাধাৰণৰ মানসপটৰ পৰা কংগ্ৰেছৰ দলৰ স্থান নোহোৱা হৈছে।  তাৰ পৰিপ্ৰেক্ষিতত সমাগত লোকসভা নিৰ্বাচনতো ৭ নং গুৱাহাটী লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কুইন ওজাক ভোটদান কৰি বিজয়ী কৰিব কৰিব লাগিব। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ বুধবাৰে দুধনৈ বিধানসভা সমষ্টি ভিত্তিত দুধনৈস্থিত বালাচাৰা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভা তথা বিজয় সংকল্প সমাৰোহত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ ভাষন প্ৰসংগত এনেদৰে ব্যক্ত কৰে।

উল্লখ্য যে, গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলৰ উন্নয়ন ক্ষেত্ৰত যোৱা আঢ়ৈ বছৰে সমভাৱে গুৰুত্ব দি অহাৰ লগতে প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত ৰাষ্টা ঘাটৰ ব্যাপক উন্নতি সাধন কৰা বুলি ব্যক্ত কৰাৰ লগতে অনাগত সময়ত উন্নয়নৰ এই ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ইয়াৰ মিত্ৰদলৰ প্ৰাৰ্থীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সভাত ভাষণ দি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই দেশ তথা ৰাজ্যবাসীৰ উন্নয়নৰ স্বাৰ্থত অহা ২৩ এপ্ৰিল তাৰিখে সুস্থিৰ সিদ্ধান্ত লৈ ভোটদান কৰিবলৈ দুধনৈ সমষ্টিবাসী ৰাইজৰ প্ৰতি আহ্বান জনায়।

ভাষণ প্ৰসংগত টংকেশ্বৰ ৰাভাই উল্লেখ কৰে যে, অসমত কংগ্ৰেছ দলৰ ১৫ বছৰীয়া সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাখনতো এখন অশান্তিৰ বাতাবৰণ বিৰাজ কৰিছিল। কিন্তু গোৱালপাৰা জিলা তথা ৰাভা হাছংবাসীয়ে কেতিয়াও অশান্তিময় পৰিৱেশ কামনা নকৰে বুলি উল্লেখ কৰাৰ লগতে শান্তিৰ বাতাবৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোটদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে দুধনৈ বিধানসভা সমষ্টিৰ পৰা ৭১,০০০ ভোট লাভ কৰিছিল। সমাগত লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা ১ লাখ ২০হেজাৰৰ অধিক ভোট কুইন ওজাই লাভ কৰিব বুলি টংকেশ্বৰ ৰাভাই প্ৰকাশ কৰে।

দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ উপ সভাপতি প্ৰহ্লাদ বড়ো, কুশধোৱা জিলা পৰিষদৰ সদস্য কুশধ্বজ ৰংখ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াৰ উপৰিও বহু কেইজন নেতাই প্ৰায় আঠ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত ভাষণ দিয়ে। উল্লেখ্য যে, নিৰ্ধাৰিত সময়ৰ তুলনাত কিছু পলমকৈ মুখ্যমন্ত্ৰীয়ে সভাত উপস্থিত হয় যদিও সভাখনৰ শেষ মহূৰ্তলৈকে জনসাধাৰণে সভাখনত সহযোগিতা আগবঢ়ায়।

গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাই আতঁ ধৰা সভাখনত অসম গণ পৰিষদ দলৰ গোৱালপাৰা জিলা কমিটিৰ সভাপতি জীতেন দাস, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমন্বয়ক ৰমেন সিং ৰাভা, বিপিএফৰ গোৱালপাৰা জিলাৰ ভাৰপ্ৰাপ্ত প্ৰতিনিধি শম্ভু ব্ৰহ্ম, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাকে ধৰি বহু কেইজন নেতাই অংশগ্ৰহণ কৰে এই সভাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in