কোভিডে কাঢ়ি নিলে উদীয়মান কবি, মঞ্চ অভিনেতা চানু দৈমাৰীৰ প্ৰাণ…

কোভিডে কাঢ়ি নিলে উদীয়মান কবি, মঞ্চ অভিনেতা চানু দৈমাৰীৰ প্ৰাণ…

ডিজিটেল ডেস্কঃ উদীয়মান কবি, আকাশবাণী গুৱাহাটীৰ নাট বিভাগৰ স্বীকৃতি প্ৰাপ্ত শিল্পী, মঞ্চ অভিনেতা চানু দৈমাৰীৰ ক'ভিডত আক্ৰান্ত হৈ আজি বিয়লি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ প্ৰকাশিত কাব্যগ্ৰন্থখন হ'ল "ৰাতিবোৰত হেৰাই নাযাবা"।

তেখেতৰ কবিতাৰ শ্ৰব্য সঁফুৰা "মন চাতকৰ কণ্ঠত"। এই শ্ৰব্য সঁফুৰাত বিশিষ্ট আবৃত্তিকাৰ সান্ত্বনা বৰদলৈ, অৱনী বৰা আদিয়ে তেওৰ কবিতা আবৃত্তি কৰিছিল। তেখেতে অভিনয় কৰা মঞ্চনাট কেইখন হ'ল- অলপ নুবুজা ডাঁৱৰ, গৈ থাকা গৈ থাকা পাবাগৈ বাট আৰু অন্তৰ্যুদ্ধ।

আকাশবাণী গুৱাহাটীৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ থকা চানু দৈমাৰীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুটি পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in