ঢকুৱাখনাৰ প্ৰবীণ বিজেপি নেতাৰ বিয়োগ…

ঢকুৱাখনাৰ প্ৰবীণ বিজেপি নেতাৰ বিয়োগ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত ভাৰতীয় জনতা পাৰ্টিৰ বুনিয়াদ গঢ়োতা , গেৰুৱা দলটোৰ অস্তিত্বৰ মহা সংকট কালত দলীয় পতাকা খামুচি ধৰি সংগঠণিক ভেটি সুদৃঢ় কৰাত নিমগ্ন হোৱা প্ৰবীণ গেৰুৱা নেতা শান্তিৰাম গগৈ(৭৩)ৰ মঙ্গলবাৰে দেহাবসান ঘটে। ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁও নিবাসী, বৰ্ষিযান গেৰুৱা নেতা তথা ঢকুৱাখনা নগৰৰ প্ৰবীণ ব্যৱসায়ী, শান্তি ৰাম গগৈ মাৰ্কেটৰ স্বত্বাধিকাৰী গগৈ দীৰ্ঘ দিন ধৰি শয্যাগত হৈ থকাৰ পৰৱৰ্তী সময়ত মঙ্গলবাৰে চিকিৎসাজনিত কাৰণত ডিব্ৰুগড়লৈ নিয়া হৈছিল ।

কিন্তু চিকিৎসা গ্ৰহণৰ সময়তে মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ঢকুৱাখনা ব্যৱসায় সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক ,১৯৯৭ চনৰ পৰা ২০০০ পৰ্যন্ত ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি আৰু ঐতিহ্যমণ্ডিত ফাট বিহুৰ অন্যতম গুৰিধৰোঁতা গগৈয়ে জীৱন কালৰ অধিকাংশ সময় ৰাইজৰ হিতাৰ্থে সেৱা আগবঢ়াই গল। ৭০ দশকতে ঢকুৱাখনা নগৰত চাইকেল ব্যৱসায়ৰ পাতনি মেলি ঢকুৱাখনাৰ সামাজিক,সাংস্কৃতিক জীৱনৰ সৈতেও ওতঃপোতঃ ভাবে জড়িত হৈ পৰা গগৈয়ে ঢকুৱাখনা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাবেও দীৰ্ঘদিন ধৰি ৰাজনৈতিক সেৱা আগবঢ়াই গৈছিল।

সদাহাস্যময় , সৰবৰহী আৰু জনহিতৈষী ব্যক্তি হিচাবে পৰিচিত গগৈৰ বিয়োগত ঢকুৱাখনাত গভীৰ শোকৰ ছাঁ পৰিছে। গগৈৰ আকস্মিক বিয়োগত ঢকুৱাখনাৰ ব্যৱসায়ী সমাজ , ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক সমাজ, প্ৰবীণ বিজেপি সমাজকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

মঙ্গলবাৰে জনহিতৈষী ব্যক্তিজনৰ আকস্মিক বিয়োগৰ খবৰ পাই অজস্ৰ গুণগ্ৰাহীৰ সমাগম হয় প্ৰয়াত গগৈৰ কোঁৱৰগাঁওস্থিত বাস ভৱনত। চিকিৎসাজনিত কাৰণত ডিব্ৰুগড়লৈ যোৱাৰ সময়তে মৃত্যুক আঁকোৱালি লোৱা গগৈয়ে মৃত্যুৰ সময়ত পত্নী , দুই পুত্ৰ ,এগৰাকী কন্যা আৰু অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰিথৈ যায়। গগৈৰ নশ্বৰ দেহ সন্ধিয়া স্বগৃহ আহি পোৱাত গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নগৰ চাৰি আলিত ব্যৱসায়ী সকলেও অন্তিম শ্ৰদ্ধা জনায় চিৰ বিদায় দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in