গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে বটদ্রৱাত উখল মাখল পৰিৱেশ..

গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে বটদ্রৱাত উখল মাখল পৰিৱেশ..

ডিজিটেল সংবাদ বটদ্ৰৱাঃ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে হৰি নামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ। পুৱাৰে পৰা আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠপুৰিলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ভকত বৈষ্ণৱৰ।

শুক্ৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে কোভিড প্ৰটকল ৰক্ষা কৰি ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত উৎসৱলৈ আগমন ঘটিছে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ। বটদ্ৰৱা থানত গুৰু জন্মজয়ন্তীৰ আজি পুৱাৰে পৰা নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে।

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ভক্ত বৈষ্ণবক কভিড প্ৰটকল ৰক্ষা কৰি মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in