বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত…

বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত…
  • বোকাখাতত অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত থাকিব নেতা-মন্ত্ৰী।
  • বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • অধিৱেশনস্থলীত অনুষ্ঠিত হৈছিল মূল কাৰ্যনিৰ্বাহক সভা।
  • এই সভাতে লোৱা হ'ল নেতা-মন্ত্ৰীক অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত।
  • ইয়াৰ পূৰ্বে বিভিন্ন দল-সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ 'কা' বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন জনাই নেতা-মন্ত্ৰীক নামাতিবলৈ অনুৰোধ কৰিছিল।
  • অধিৱেশনস্থলীলৈ চৰকাৰী পক্ষৰ নেতা-মন্ত্ৰী আহিলে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি সতৰ্ক কৰি দিছিল।
  • তাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাৰ্যসূচী ৰাজহুৱা কৰা হোৱা নাছিল।
  • গোপনে ৰখাইছিল এই কাৰ্যসূচী।
  • শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাই লোৱা এই সিদ্ধান্তৰ পাছত দল-সংগঠনৰ প্ৰতিক্ৰিয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in