শংকৰদেৱ শিশু, বিদ্যা নিকেতনৰ ঈৰ্ষণীয় ফলাফল, শীৰ্ষ ১০টা স্থানৰ ভিতৰত ৪ শিক্ষাৰ্থী

শংকৰদেৱ শিশু, বিদ্যা নিকেতনৰ ঈৰ্ষণীয় ফলাফল, শীৰ্ষ ১০টা স্থানৰ ভিতৰত ৪ শিক্ষাৰ্থী

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰো সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে শিশু শিক্ষা সমতি, অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু, বিদ্যা নিকেতন। এই শিক্ষা সংস্থাটোৰ দ্বাৰা পৰিচালিত ২৬৩ খন বিদ্যালয়ৰ পৰা ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ জনকৈ ছাত্ৰী-ছাত্ৰীয়ে শীৰ্ষ ১০টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰা নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰাও শংকৰদেৱ শিশু নিকেতনৰে ছাত্ৰী।

মেঘাশ্ৰীৰ উপৰিও এই ফলাফলত ডিব্ৰুগড়ৰ বিএল বীণা সৰস্বতী শিশু মন্দিৰৰ ছাত্ৰ অণিৰ্বান দত্তই ৯৭.১৬ শতাংশ নম্বৰেৰে দশম স্থান লাভ কৰে। শংকৰদেৱ শিশু, বিদ্যা নিকেতনৰ পৰা দশম স্থান লাভ কৰা আন দুগৰাকী শিক্ষাৰ্থী হৈছে ক্ৰমে- হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ মণিষা মালাকৰ আৰু টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দ্বীপজ্যোতি শৰ্মা।

উল্লেখ্য যে, ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মুঠ ২৬৩ খন শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ পৰা মুঠ ৭৬১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত মুঠ ৭১৬৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ হৈছে ৯৪.০৮ শতাংশ। আনহাতে ১১৪ খন নিকেতনৰে উত্তীৰ্ণৰ হাৰ এশ শতাংশ। ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ তালিকাত স্থান লাভ কৰাৰ বিপৰীতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪২১০ জন, দ্বিতীয় বিভাগত ২২২৭ জন আৰু তৃতীয় বিভাগত ৭২৫ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

এওঁলোকৰ ভিতৰত ৭৯২ গৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ বিপৰীতে ষ্টাৰ নম্বৰ লাভ কৰিছে ১১৮৬ গৰাকীয়ে। ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা মুঠ লেটাৰৰ সংখ্যা হৈছে ১১২৩০। আনহাতে নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২ জনে সংস্কৃতত, ২ জনে হিন্দীত আৰু ২ জনে সাধাৰণ বিজ্ঞানত সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি সাধাৰণ গণিতত ৮০ জনে, ঐচ্ছিক গণিতত ৮ জনে, সমাজ বিজ্ঞান আৰু ভূগোল বিষয়ত এজনকৈ শিক্ষাৰ্থীয়ে ৰাজ্যৰ সৰ্বাধিক নম্বৰ লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in