গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰ।

সত্ৰনগৰী বৰপেটাত পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ, বৰপেটা সত্ৰ, গণককুছি সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বৰাদি সত্ৰকে আদি কৰি বিভিন্ন সত্ৰত আয়োজন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ। বুধবাৰে পুৱাৰে পৰা প্ৰায় প্ৰতিখন সত্ৰতে দেখা গৈছে ভকত তথা আইমাতৃসকলৰ ভিৰ। গুৰুজনাৰ আৱিৰ্ভাৱ উপলক্ষে সত্ৰনগৰীৰ ভিন্ন স্থানত ধৰ্মালোচনা সভাও অনুষ্ঠিত হ'ব।

সত্ৰীয়া সংস্কৃতিৰ বৰঘৰত স্বৰূপ মাজুলীতো পুৱাই আৰম্ভ হৈছে ধৰ্মীয় কাৰ্যসূচী। নৱগঠিত জিলাখনৰ সত্ৰ আৰু প্ৰতিটো নামঘৰত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে চলিছে বিশেষ আয়োজন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজুলী জিলা শাখাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মণিকাঞ্চন সংযোগ ক্ষেত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মহোৎসৱত ভাগৱত পাঠ আৰু ব্যাখ্যা, নাম-প্ৰসংগ, আলোচনাচক্ৰ আদিৰ আয়োজন কৰা হৈছে।

আনহাতে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত জন্মোৎসৱ উপলক্ষে চলিছে ব্যাপক আয়োজন। শংকৰী কলা-কৃষ্টিৰে সমগ্ৰ বটদ্ৰৱা সজাই-পৰাই তোলাৰ লগতে পুৱাৰ ভাগৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌদিশ। ভকত-বৈষ্ণৱৰ ভিৰেৰে এক অনন্য আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ঐতিহাসিক বটদ্ৰৱা থানত।

গুৱাহাটী মহানগৰীতো প্ৰতিটো নামঘৰত পুৱাৰে পৰা নাম-প্ৰসংগ আৰম্ভ হৈছে। উত্তৰ গুৱাহাটী, শুৱালকুছি, ডিমু, পুৰণিগুদাম, লখিমপুৰ, যোৰহাট, গোলাঘাটকে আদি কৰি প্ৰায়বোৰ ঠাইৰে সত্ৰ তথা নামঘৰত মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক আয়োজন দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in