ধেমাজি নগৰ উন্নয়ন প্ৰাধীকৰনৰ অভিযন্তা, সমাজকৰ্মী সঞ্জীৱ দেউৰীৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ…

ধেমাজি নগৰ উন্নয়ন প্ৰাধীকৰনৰ অভিযন্তা, সমাজকৰ্মী সঞ্জীৱ দেউৰীৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ…

ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি নগৰৰ ৬ নং ৱাৰ্ডৰ জ্যোতিনগৰ নিবাসী তথা ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অভিযন্তা সমাজকৰ্মী সঞ্জীৱ কুমাৰ দেউৰী(৫২) শুকুবাৰে পুৱা ১০ .৩০ মান বজাত নিজ বাসগৃহত মৃত্যু হয় ৷ বিগত এবছৰ দিন ধৰি চিকিৎসাধিন হৈ থকা দেউৰীয়ে শেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৷

১৯৬৯ চনত লখিমপুৰ জিলাৰ বঙালমৰা লিখক চাপৰি গাৱঁত জন্ম গ্ৰহন কৰা সঞ্জীৱ দেউৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ডিব্ৰুগড়ৰ লাহোৱালস্হিত পলিটেকনিকৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল ৷ পিছলৈ তেওঁ ১৯৯৫ চনৰ ১৮ জানুৱাৰীত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ কণিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰি কৰ্মজীৱনৰ আৰম্ভ কৰে ৷

যোৱা বছৰ ল'ক ডাউনৰ সময়ৰ পৰা বৰ্তমানৰ লৈকে প্ৰায় এবছৰ ধৰি দুৰাৰোগ্য ৰোগত ভুগী মৃত্যু হোৱা দেউৰীয়ে মৃত্যুৰ সময়ত পত্নী ধেমাজি অৰুনোদয় হাইস্কুলৰ শিক্ষয়িত্ৰী নৱনীতা দেউৰী আৰু একমাত্ৰ কন্যা সন্তানৰ লগতে ভালেসংখ্যক গুনমূগ্দ্বক ইহ সংসাৰত এৰি থৈ যায় ৷ এসময়ত তেওঁ অবিভক্ত লখিমপুৰ জিলাৰ দেউৰী ছাত্ৰ সন্হাৰ বিষয়- ববীয়া হোৱাৰ উপৰিও পিছত ধেমাজিৰ বাসিন্দা হিচাপে ধেমাজিৰ বিভিন্ন সামাজিক আৰু ৰাজহুৱা কামকাজৰ সৈতে সঞ্জীৱ দেউৰীয়ে জড়িত হৈ পৰিছিল ৷

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে ধেমাজিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন দল-সংগঠনৰ লগত ওতপ্ৰোতভাৱে জড়িত অখংখ্য গুনমূগ্দ্বই তেখেতৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলী ঞ্জাপন কৰে ৷ দুপৰীয়া তেওঁৰ মৃতদেহ ধেমাজিৰ উন্নয়ন প্ৰাধিকৰনৰ কাৰ্য্যালয়লৈ নি কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে অন্তিম শ্ৰদ্বাঞ্জলী জনায় ৷

পিছত বিয়লিলৈ তেওঁৰ মৃতদেহ স্হায়ী গৃহ লখিমপুৰলৈ লৈ যায় ৷ ইফালে সমাজকৰ্মী তথা অভিযন্তা সঞ্জীৱ দেউৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ধেমাজি জিলা কৰ্মচাৰী পৰিষদ, ধেমাজি , ধেমাজি জিলা বৈদিক সনাতন ধৰ্মালোচনী সমাজ, ধেমাজি জিলা জেষ্ঠ্য নাগৰিক সন্থা, ধেমাজি জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি , ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হা , জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি , ধেমাজি এৰাঢল জ্যোতি নগৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা আৰু সাধাৰন সম্পাদক জিতুল সোনোৱাল উপদেষ্টা দ্বয় নৱ বৰগোহাঁই আৰু তাৰনী গগৈ আদি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in