শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে

শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে

ডিজিটেল ডেস্কঃ বিজেপিৰ আটাইতকৈ পুৰণি সহযোগী দল শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কমেও ২১০ খন আসন লাভ কৰিব বুলি দাবী কৰে। তেওঁ ২০১৪ চনতকৈ অধিক উৎসাৰেৰে জনতাই বিজেপি আৰু মিত্ৰবন্ধনক ভোট দিব বুলি দাবী কৰি এনডিএ মিত্ৰজোঁতে ৩ শতাধিক আসন লাভ কৰাৰ দাবী কৰে।

শিৱসেনাৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, '২০১৪ত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। এই চৰকাৰ গঠনৰ পূৰ্বেই মই তাৰ ভৱিষ্যৎবাণী কৰিছিলো। যিটো আখৰে আখৰে ফলিয়াইছিল। মই এইবাৰো কৈছো, কেন্দ্ৰত এইবাৰ এনডিএ চৰকাৰ গঠন হ'ব। মই নিশ্চিত যে এইবাৰো মোৰ কথা ফলিয়াব।'

তেওঁ পুনৰ কয়, 'দেশত বিজেপিৰ বিকল্প জনতাই দেখা নাই। বিজেপি আৰু এন ডি এয়ে লগ লাগি উন্নয়ন সম্ভৱ কৰিব। জনতাই পূৰ্বৰ তুলনাত অধিক উৎসাহেৰে বিজেপিক ভোট দিব বুলি আমি আশাবাদী।'

উল্লেখ্য যে, প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ থকা মহাৰাষ্ট্ৰৰ শক্তিশালী ৰাজনৈতিক দল শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে শিৱসেনাৰ মিত্ৰতাৰ পিছতে মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হৈছে। পূৰ্বে দেশৰ উন্নয়নৰ নামত মোডীয়ে পুঁজিপতিৰ উন্নয়ন সম্ভৱ কৰা বুলি অভিযোগ কৰিছিল সঞ্জয় ৰাউতে। এতিয়া একেজন নেতাই দুয়োটা দলৰ মিত্ৰতালৈ লক্ষ্য ৰাখি মোডীক দুখীয়াৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in