ড০ সমুজ্জল ভট্টাচাৰ্যৰ স্বাস্থ্য কেনে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কিছু সুস্থ হৈছে ড০ সমুজ্জল ভট্টাচাৰ্য। প্ৰায় দুসপ্তাহ ধৰি অসুস্থ হৈ ঘৰতে আছে আছুৰ উপদেষ্টাগৰাকী। কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশ ল'ব নোৱাৰিলে তেওঁ অসুস্থতাৰ বাবে। ড০ সমুজ্জল ভট্টাচাৰ্যৰ জ্বৰত আক্ৰান্ত হোৱাৰ উপৰিও শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে।

বয়সস্থ মাতৃ ঘৰত থকাৰ বাবে আইছ'লেশ্যনত ঘৰুৱা চিকিৎসকৰ তত্বৱধানত চিকিৎসা কৰি আছে ড০ ভট্টাচাৰ্যই। উল্লেখ্য যে, কোৰোনা সদৃশ উপসৰ্গই তেওঁৰ দেহত দেখা দিছে যদিও চিকিৎসালয়ত এতিয়ালৈকে ভৰ্তি হোৱা নাই তেওঁ।

শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ড০ ভট্টাচাৰ্যৰ স্বাস্থ্য বৰ্তমান উন্নত। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক জানিবলৈ দিয়া মতে, কোনো বস্তুৰে গোন্ধ নোপোৱা, জ্বৰত আক্ৰান্ত হৈ দুৰ্বল হৈ পৰাৰ বাবে তেওঁ নিজকে আনৰ পৰা নিলগ কৰি ঘৰৰ ভিতৰতে সোমাই আছে।

৯ ছেপ্টেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ আৰু ৩০ জনজাতীয় সংগঠনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল হোটেল প্ৰাগ কন্টিনেলত। এই সভাত অংশ ল'ব পাৰিব বুলি তেওঁ ভাবিছিল যদিও অসুস্থতাৰ বাবে সেয়া সম্ভৱ নহ'ল।

ড০ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, দুই এদিনৰ ভিতৰতে তেওঁ অসুস্থ হ'ব বুলি আশা কৰিছে। অৱশ্যে এতিয়াও তেওঁ দুৰ্বল হৈ আছে। মাজতে তেওঁৰ দেহত অক্সিজেনৰ পৰিমান যথেষ্ট হ্ৰাস পাইছিল যদিও সেয়া অৱশ্যে এতিয়া নিয়ন্ত্রণলৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in