দুচকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱাৰ হেঁপাহ এদল দিব্যাংগ লোকৰ…

দুচকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱাৰ হেঁপাহ এদল দিব্যাংগ লোকৰ…

ডিজিটেল সংবাদ,চামগুৰিঃ বাঁহ-বেঁতৰ সা-সঁজুলি নিৰ্মাণত জড়িত হৈ পৰিছে নগাঁৱৰ এদল দিব্যাঙ্গ লোক । দিব্যাঙ্গ হৈয়ো আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ সপোন পুহি ৰাখিছে মনত। ৰাজ্য চৰকাৰৰ "অসম দক্ষতা বিকাশ অভিযান"ৰ অধীনত "তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন"ৰ উদ্যোগত নগাঁৱৰ পুৰণিগুদামত বিশেষভাবে সক্ষম লোক সকলক বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে কেইমাহমানৰ পূৰ্বে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটোত ইতিমধ্যেই প্ৰশিক্ষণ দিয়া হৈছে বাঁহ-বেঁতৰ বিভিন্ন সজুলি নিৰ্মাণৰ ওপৰত ।

ইয়াৰ লগতে পৰৱৰ্তী সময়ত বহু কেইবিধ সঁজুলি নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰস্তত কৰা বিভিন্ন প্ৰকাৰৰ বাঁহ-বেঁতৰ সা-সজুঁলিৰ এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়।বিশেষভাবে সক্ষম প্ৰশিক্ষাৰ্থী সকল জীৱন বাটত পৰনিৰ্ভৰশীল নহৈ যাতে যাৱতীয় প্ৰশিক্ষণৰ জৰিয়তে আত্মনিৰ্ভশীল তথা আৰ্থিক ভাবে স্বনিৰ্ভৰশীল হব পাৰে সেই লক্ষ্যৰে তাৰাৱতী ডেভলপমেন্ট ফাউনণ্ডেছনে আয়োজন কৰা বিশেষ প্ৰক্ষিণৰ মাজতে অনুষ্ঠিত প্ৰৰ্দশনী অনুষ্ঠানত সভাপতিত্বত কৰে স্থানীয় সমাজকৰ্মী তথা কীৰ্তি-শিক্ষক হেমকান্ত ডেকাই ।

উক্ত প্ৰৰ্দশনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে স্বৰ্ণলিপিৰ সম্পাদক হৃদয়ানন্দ গগৈ আৰু শিক্ষয়িত্ৰী তথা অভিনেত্ৰী মেঘালী দেৱী,স্থানীয় সমাজকৰ্মী পূৰ্ণানন্দ বাৰিকৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিগত কেইমাহৰ দৰেই আগন্তুক দিনবোৰতো বিশেষভাবে সক্ষম প্ৰশিক্ষাৰ্থী সকলক কেন্দ্ৰটোতে ৰাখি প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰা তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য তত্বাবধায়ক ভূপেন গায়নে অতিশীঘ্ৰেই কেইবাটাও নতুন বিষয়ৰ ওপৰত পাৰঘাট বিদ্যালয় খনত স্থাপিত কেন্দ্ৰটোত পাঠ্যক্ৰম আৰম্ভ কৰা হব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে নগাঁৱৰ পুৰণিগুদামৰ পাৰঘাটত বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ প্ৰায় নব্বৈ জনকৈ বিশেষভাৱে সক্ষম লোকক একেলগে সংগঠনটোৱে বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল যদিও বৰ্তমান প্ৰশিক্ষণৰ বাবে প্ৰায় ১২০ জনতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in