চামগুৰিত চুৰিকাণ্ডঃ আ-অলংকাৰসহ লুটি নিলে নগদ ধন…

চামগুৰিত চুৰিকাণ্ডঃ আ-অলংকাৰসহ লুটি নিলে নগদ ধন…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত লুটি নিলে সোণৰ আ-অলংকাৰসহ নগদ ধন ।৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিতে চামগুৰিৰ ৰঙাগড়াত দিন দুপৰতে সংঘটিত হৈছে এক চাঞ্চ্যলকৰ চুৰি কাণ্ড।

৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰে নিৰোদ বৰা আৰু যুক্তি বৰুৱাৰ ঘৰত চোৰে চলায় লুটপাত ।ঘৰত মানুহৰ নথকাৰ সুযোগলৈ পিছফালৰ পৰা চোৰে প্ৰবেশ কৰি চলাইছিল লুটপাত । দুই ঘৰৰ পৰা মুঠ প্ৰায় ৬ তুলা সোণৰ অলংকাৰৰ লগতে প্ৰায় ত্ৰিশ হাজাৰ টকা লুটি নিয়ে ।

চোৰৰ তাণ্ডৱত বিনষ্ট হয় তিনিটাকৈ আলমিৰা, কেইবাটাও বাকচ, ড্ৰয়াৰ, দৰ্জা-খিৰিকি তথা বহু কেইপদ মূল্যবান সা-সামগ্ৰী ।উল্লেখ্য যে নিৰোদ বৰাৰ পত্নীৰ গল্ডবাল্দাৰ অস্ত্ৰোপচাৰৰ বাবে সাঁচি ৰখা ধনো লুটি নিয়ে চোৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in