চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য…

চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱাৰ বান বিধস্ত অঞ্চলত শুকুৰবাৰে অগপৰ চামগুৰি সমষ্টি সমিতিয়ে বান সাহাৰ্য্য বিতৰণ কৰে।অগপৰ চামগুৰি সমষ্টি সমিতিৰ উদ্যোগত চামগুৰিৰ লাওখোৱাৰ ভূৰবন্ধা,বগামুখ,শান্তিবজাৰকে আদি কৰি বিভিন্ন অঞ্চলত বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণিমাধৱ মহন্তই৷

অগপ নেতাগৰাকী চামগুৰি সমষ্টিৰ লাওখোৱাত উপস্থিত হৈ বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে কেইবাঠাইটো বান সাহাৰ্য্য বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

আনহাতে, চামগুৰি সমষ্টিৰ লাওখোৱাত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে সদ্য আছুত্যাগী নেতা মণিমাধৱ মহন্তই৷ইয়াৰোপৰি বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিবলৈ আহি একপ্ৰকাৰ হাৰাশাস্তি খালে অগপ নেতাগৰাকীয়ে।

গাড়ীৰ চকা ফছাৰ ফলতেই বহু সময় ধৰি নেতাগৰাকী শান্তি বজাৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়৷ইফালে,আজি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুইছেনেও শান্তিবজাৰ আৰু ৪ নং ভুৰবন্ধাত বানাক্ৰান্ত ৰাইজক বান সাহাৰ্য্য বিতৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in