চামগুৰিৰ খাটোৱালত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, দুজনক আটক

চামগুৰিৰ খাটোৱালত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক, দুজনক আটক

ডিজিটেল সংবাদ, চামগুৰিঃ সমগ্ৰ ৰাজ্যতে যেন বৰ্তমানেও অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়।মঙলবাৰে নগাঁৱৰ চামগুৰিত পুনৰ এখন গৰু সৰবৰাহকাৰী গাড়ী জব্দ হোৱা ঘটনাই ইয়াকেই যেন প্ৰমাণ কৰিলে। গৰুৰ চোৰাং ব্যৱসায়ক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে মঙলবাৰে চামগুৰিৰ খাটোৱাল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এখন চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ কৰে।

খাটোৱাল আৰক্ষীৰ দলটোৱে পহুকটাৰ পৰা জব্দ কৰে গাড়ীখন। উল্লেখ্য যে, ২২ টাকৈ গৰু এএছ-০২-এচি-৬২২২ নম্বৰৰ গাড়ীখনত সন্দেহজনকভাবে কঢ়িয়াই আনিছিল আৰু এই সন্দেহতে আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে চৰিফুল ইছলাম আৰু দিপক নাহক নামৰ দুজনকৈ গৰু সৰবৰাহকাৰীকো আটক কৰে। আনহাতে গৰুৰ চোৰাং সৰবৰাহত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা এজন লোকে গৰু কেইটা চামগুৰিৰ গেৰুৱাআটিৰ পৰা অনাৰ লগতে লংকা বজাৰত বিক্ৰীৰ বাবে নিয়া হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

অৱশ্যে চামগুৰিৰ বিভিন্ন অঞ্চলত প্ৰায়েই সুলভ হৈ পৰা গৰুৰ অবাধ চোৰাং ব্যৱসায় সন্দৰ্ভত আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰেনে নে এইদৰে এখন-দুখন চোৰাং গৰু ভৰ্ত্তি ট্ৰাক ধৰিয়েই ঢাক-ঢোল বজাই থাকে সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in