নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চামগুৰিত জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চামগুৰিত জোঁৰ সমদল

ডিজিটেল সংবাদ, চামগুৰিঃ শনিবাৰে সন্ধিয়া নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ পদুমণি আৰু ভৰাগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতাৰে স্থানীয় প্ৰায় দুইশতাধিক পুৰুষ-মহিলাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সংগ্ৰামী যুৱ মঞ্চৰ উদ্যোগত পদুমণি তিনিআলিত বিধেয়কখনৰ বিৰুদ্ধে অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ ৰাইজে জোঁৰ লৈ বাহিৰ কৰে এক বিশাল প্ৰতিবাদী সমদল।

প্ৰতিবাদী জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বাংলাদেশী হুঁচিয়াৰ, বাংলাদেশী গ' বেক, জয় আই অসম, নিতুমণি শইকীয়া জিন্দাবাদ, অজিত কুমাৰ ভূঞা জিন্দাবাদ আদি বিভিন্ন শ্ল'গান দি পদুমণি আৰু ভৰাগুৰিৰ পৰিৱেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদকাৰী ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এতিয়া জাতীয় নায়ক নহয়, নায়কৰ পৰিবৰ্তে মুখ্যমন্ত্ৰীগৰাকী খলনায়কলৈ পৰিণত হৈছে বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুটিবাগৰ মৰা নেতা বুলি কৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা যায়। আনহাতে, চৰকাৰে জাতিধ্বংসী বিধেয়কখন অনতিপলমে বাতিল নকৰিলে সকলোৱে মিলি চৰকাৰৰ বিৰুদ্ধে ব্যাপকভাৱে ঐক্যবদ্ধ আন্দোলন গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'লে কেৱল খিলঞ্জীয়া লোকেই নহয় অসমত বসবাস কৰা বাংলাভাষী লোকসকলো বিপদৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদত অংশগ্ৰহণ কৰা বেংগলী সম্প্ৰদায়ৰ লোকসকলে৷ প্ৰতিবাদকাৰীসকলে এই জাতিধ্বংসী বিধেয়কখন বাতিল নকৰা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in