ডিমাছা বীৰ সম্বুধন ফংলুৰ ১৩৭তম মৃত্যু তিথিতে ডিমা হাছাওত গণতন্ত্ৰক হত্যা…

ডিমাছা বীৰ সম্বুধন ফংলুৰ ১৩৭তম মৃত্যু তিথিতে ডিমা হাছাওত গণতন্ত্ৰক হত্যা…

ডিজিটেল সংবাদ, ডিমা হাছাওঃ ব্ৰিটিছৰ বিৰুদ্ধে মৰণপন যুঁজ দিয়া পাৰ্বত্য ভূমিৰ অন্যতম বীৰ ৰূপে পৰিগণিত সম্বুধন ফংলুৰ ১৩৭তম মৃত্যু দিৱস আছিল মঙলবাৰে। ডিমাছা সকলৰ স্বতন্ত্ৰতাৰ বাবে নিজা সৈন্য বাহিনী সংগঠিত কৰি ব্ৰিটিছ সেনাৰ থৰকাচটি হেৰুৱাবলৈ সক্ষম হোৱা এইগৰাকী পৰম পূজনীয় বীৰৰ স্মৃতি দিৱসৰ দিনাই ডিমা হাছাওত স্বাধীন ভাৰতৰ সংবিধান থতা গণতান্ত্ৰিক পৰম্পৰাক পদদলিত কৰি প্ৰথমবাৰলৈ দিছপুৰৰ চৰকাৰে পোনপটীয়াকৈ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক নিয়োগ কৰিলে।

এইচ এ ডি ১৬৬/২০১৩/৫৬ নম্বৰৰ এক নিৰ্দেশনাযোগে ৰাজ্য চৰকাৰৰ পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ উপ-সচিবে মঙলবাৰে জাৰি কৰা এক জাননী যোগে কেইদিনমান পূৰ্বে নিৰ্বাচন সমাপ্ত হোৱা আৰু ১৯খন আসন লাভ কৰি ২৮ জনীয়া স্বায়ত্ত পৰিষদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা বিজেপি দলৰ বিগত কাৰ্যকালৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছাক দ্বাদশ উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে নিয়োগ কৰিছে।

নিৰ্দেশনাটোত জনস্বাৰ্থৰ খাতিৰতে সংবিধানৰ অট'নমাচ কাউঞ্চিল ৰোল ৫১ৰ সংশোধিত ধাৰা অনুযায়ী নিৰ্দেশনা জাৰি কৰাৰ মুহূৰ্তৰ পৰাই দেবলাল গাৰ্লোছাই মুখ্য কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি কৰা ঘোষণাই সমগ্ৰ পাৰ্বত্য ভূমিতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, বিধি অনুযায়ী ষষ্ঠ অনুসূচীভুক্ত সকলো স্বায়ত্ত পৰিষদৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত বিজয়ী সদস্য সকলৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই শপতগ্ৰহণ পৰ্ব সমাপনৰ পিছত ৰাজ্যপালৰ অনুমোদন মৰ্মে প্ৰথমে পৰিষদৰ অধ্যক্ষ নিৰ্বাচন কৰা হয় আৰু তাৰ পাছতেই মুখ্য কাৰ্যবাহী সদস্যৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন।

মুখ্য কাৰ্যবাহী সদস্যৰ নিৰ্বাচনৰ পিছত তেওঁ সংশ্লিষ্ট কাৰ্যবাহী পৰিষদৰ বাবে নিৰ্ধাৰিত সদস্যক মনোনিত কৰি এই তালিকা ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগে। আৰু ৰাজ্যপালৰ অনুমোদনৰ পাছতহে পূৰ্ণাংগ স্বায়ত্ত পৰিষদখনে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি মনোনিত সদস্যসকলক বাচনি কৰাৰ সুযোগ লাভ কৰে। কিন্তু ১৯৫১ চনতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক সামৰি গঠন হোৱা স্বায়ত্ত শাসিত পৰিষদৰ ইতিহাসত প্ৰথমবাৰলৈ দিছপুৰৰ গাদীত বহি থকা বিজেপি দলৰ চৰকাৰে ডিমা হাছাওত বলপূৰ্বক নিৰ্বাচনী জয় লাভ কৰা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে সম্পূৰ্ণ অগণতান্ত্ৰিক পৰম্পৰাৰে আজি দেবলাল গাৰ্লোছাক মুখ্য কাৰ্যবাহী সদস্যৰূপে নিৰ্বাচন কৰিছে।

এই ঘটনাক স্বায়ত্ত পৰিষদখনৰ ভূতপূৰ্ব মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে এক নজিৰবিহীন ঘটনা বুলি অভিহিত কৰাৰ উপৰি সমগ্ৰ জিলাখনৰে বিভিন্ন দল-সংগঠনে এনে অগণতান্ত্ৰিক কাৰ্যই শ্বহীদ সম্বোধন ফংলুৰ স্মৃতি দিৱসৰ দিনটোতে পাৰ্বত্য জিলাখনত গণতন্ত্ৰৰ লগতে ডিমাছা সকলৰ স্বতন্ত্ৰতাৰ বাবে যুঁজ দিয়া বীৰ শ্বহীদজনক আকৌ এবাৰ হত্যা কৰা হ'ল বুলিও অভিযোগ উত্থাপন কৰিছে।

প্ৰণিধানযোগ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত ডিমাছা সকলৰ শীৰ্ষ সন্মিলিত মঞ্চ জাদিখে নাইছ' হচমে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুক পাৰ্বত্য ভূমিত সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনীৰ বাবে ইতিপূৰ্বে ১২৩বাৰ সংশোধন ঘটোৱা সংবিধানৰ নতুন সংশোধনী বিধেয়ক সন্দৰ্ভত আপত্তি দৰ্শাই এনে সংশোধনীয়ে জনজাতিৰ অধিকাৰ সৰ্ব কৰিব বুলি অভিযোগ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

ইফালে, সদ্যসমাপ্ত ডিমা হাছাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীয়ে বহু সমষ্টিত বলপূৰ্বক অনিয়ম সংঘটিত কৰাৰ লগতে কেবাটাও সমষ্টিৰ ভোটৰ বাকচ সলনি কৰা, ষ্ট্ৰং ৰূমত ২-৩ ঘণ্টাৰ বাবে চিচি টিভি কেমেৰা নিষ্ক্ৰিয় কৰি পেলোৱা ইত্যাদি অভিযোগ সম্বলিত এখন স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তক দাখিল কৰি তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বাবে যোৱা ৯ জানুৱাৰী তাৰিখে অনুৰোধ জনাইছিল। কিন্তু এই সকলো অভিযোগ দলিয়াই থৈ ৰাজ্য চৰকাৰে সম্পূৰ্ণ অগণতান্ত্ৰিক পৰম্পৰাৰে আৰু পাৰ্বত্য ভূমিত নজিৰবিহীন ভাৱে পোনপটীয়াকৈ মুখ্য কাৰ্যবাহী সদস্য নিয়োগৰ দৰে কাৰ্য সংঘটিত কৰিলে। যি ঘটনাৰ বাবে আহি থকা সময়ত বহু কষ্টৰ মূৰত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা পাৰ্বত্য ভূমি ডিমা হাছাওক পুনৰ উত্তপ্ত কৰি তোলাৰ আশংকা সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ডিমাছা ষ্টুডেন্টছ ইউনিয়ন জাদিখে নাইছ' হচমকে ধৰি বিভিন্ন সংগঠনে মঙলবাৰে হাফলং চহৰতো ৰাষ্ট্ৰীয় বীৰ সম্বুধন ফংলুৰ ১৩৭তম শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে শেহতীয়াকৈ সংঘটিত এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in