সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধিকা-সমাজকৰ্মী কিৰণময়ী মহন্তলৈ সম্বৰ্ধনা…

সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধিকা-সমাজকৰ্মী কিৰণময়ী মহন্তলৈ সম্বৰ্ধনা…

ডিজিটেল ডেস্কঃ জলসিঞ্চন বিভাগৰ প্ৰাক্তন সচিব প্ৰয়াত জগত চন্দ্ৰ মহন্তৰ সহধৰ্মিণী সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধিকা, সমাজ কৰ্মী কিৰণময়ী মহন্তক সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্বৰ্ধনা জনোৱা হয়। বৰ্তমান কোভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততত সীমিত, সংখ্যক ব্যক্তি আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত সম্বৰ্ধনা অনু্ষ্ঠানটিৰ আঁত ধৰে ড০ পদ্মপাণিয়ে।

গুৱাহাটী জিলা সত্ৰ মহাসভাৰ সভাপতি জিতেন মহন্ত, বিশিষ্ট পণ্ডিত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ পোণা মহন্ত, পূৰ্ণিমা মহন্ত, হিৰণ্য কুমাৰ মহন্ত, লীলা কান্ত মহন্ত আৰু পৰিয়ালৰ সদস্য সকলে কিৰণময়ী মহন্তৰ প্ৰতিভা, কৰ্মৰাজি আৰু গুণ-গৰিমাৰ বিষয়ে বক্তব্য ৰাখে।

ইফালে, সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে লীলাকান্ত মহন্তই। এফাঁকী ঘোষাৰে সম্বৰ্ধনা পত্ৰ আৰু এখনি অংগ বস্ত্ৰ প্ৰদান কৰে গুৱাহাটী জিলা সত্ৰ মহাসভাৰ সভাপতি জিতেন মহন্ত দেৱে আৰু গোপালদেৱ সেৱা সমিতি, গুৱাহাটীৰ হৈ ড০ পোণা মহন্ত দেৱে। সম্বৰ্ধনা গ্ৰহণ কৰি কিৰণময়ী মহন্তই আৱেগিক ভাৱে সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰে আৰু এখন নামঘোষা প্ৰদান কৰি কৃতজ্ঞতা প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in