ৰাজ্যজুৰি বিজেপিৰ ‘জন আৰ্শীবাদ যাত্ৰা’

ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নিশা প্ৰায় ১বজাত বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ পুৰণিগুদামৰ কাষৰি গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।  

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-02 at 10.16.34 AM

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নগঁৱৰ পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালৰ খেলপথাৰত সম্বোধন নহ'ল মুখ্যমন্ত্ৰীৰ জনসভা। কিয়নো নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ নিশা  ১ বজাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীৰ দল। 

উল্লেখ্য যে, সন্ধিয়া ৫ বজাৰ পৰাই অপেক্ষা কৰি আছিল এই লোকসকলে। ফলত মুখ্যমন্ত্ৰী উপস্থিত হোৱাত নিশা ভাগলৈ অপেক্ষা নকৰিলে বহু জ্যেষ্ঠ আৰু ভিতৰুৱা অঞ্চলৰ মহিলাই। অৱশ্যে যাত্ৰাৰ সময়ত নিশা নগাওঁ চহৰ, ডিমৰুগুৰি,উৰিয়া গাঁৱৰ বহু লোকে এই যাত্ৰাত অংশ লয়। ইয়াৰ পাছতেই নিশা পুৰণিগুদামত মহিলা বজাৰ সুকলমে উদ্বোধন হয়। কিন্তু বন্ধ কৰি দিয়া চৰকাৰী বিদ্যালয় এখনত মহিলা বজাৰ খোলাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজৰ মতে স্কুল বন্ধ কৰি বজাৰ খুলিলে শিশুৰ ভৱিষ্যত কি হ'ব ? এনে প্ৰশ্ন এতিয়া উত্থাপন হৈছে।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা,সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক জিতু গোস্বামী,ৰূপক শৰ্মা আৰু দীপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকে। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰাও পৰিলক্ষিত হয়। 

নগাওঁ