শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

মায়ানগৰীৰ বৰষুণ আৰু যান জঁটত ব্যাহত জনজীৱন! চাইকেল চলায়েই শ্বুটিংস্থলী পালে চলমান খানে, চাওক VIDEO

900

ডিজিটেল ডেস্কঃ যোৱা কিছু দিন ধৰি মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণে অস্বস্তিত পেলাইছে মুম্বাইবাসীক। বৰষুণৰ বাবে কোনো ক’তো ওলাই যাব নোৱাৰা অৱস্থা। ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টা ধৰি শেষ নোহোৱা যান জঁটে ব্যাহত কৰিছে স্বাভাৱিক জনজীৱন। এনে পৰিস্থিতিত বিলাসী বাহন এৰি চাইকেলত উঠিয়েই শ্বুটিং স্থলী পালেগৈ অভিনেতা চলমান খান।

উল্লেখ্য যে, চলমান খানৰ আহিবলগা ছবি ‘ডাবাং-৩’ৰ দৃশ্যগ্ৰহণৰ কাম ৰাজস্থানত শেষ হোৱাৰ পিছত এতিয়া আৰম্ভ হৈছে মুম্বাইত। কিন্তু মুম্বাইৰ বৰষুণ আৰু ট্ৰাফিক জামৰ বাবে ক’লা ৰঙৰ টি-চাৰ্ট আৰু চৰ্ট পিন্ধি চাইকেলেৰেই শ্বুটিং স্থলীলৈ ৰাওনা হ’ল চলমান খান। ৰাজপথৰে যাওতে তেওঁ অনুৰাগীৰ সৈতে চেলফীও উঠে। অভিনেতাগৰাকীয়ে নিজেই তেওঁৰ এই চাইকেল চলোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ লিখিছে- ‘বৰষুণৰ বতৰত মুম্বাই নগৰী… ডাবাং-৩ৰ লোকেশ্যনলৈ শ্বুটিঙৰ বাবে যোৱাৰ সময়ত…’।

উল্লেখ্য যে, বৃহস্পতিবাৰে আইফা এৱাৰ্ডছৰ সংবাদ মেলৰ সময়ত চলমান খানে ৰাজস্থানত শ্বুটিং চলি থকা সময়ৰ কথা ব্যক্ত কৰিছিল। য’ত তেওঁ বৰষুণৰ ফলত সৃষ্টি হোৱা ট্ৰাফিক জামৰ বাবে শ্বুটিংস্থলীত উপস্থিত হ’বলৈ কমেও ৬ ঘণ্টা লাগিছিল বুলি মন্তব্য কৰিছিল। তেনে পৰিপ্ৰেক্ষিততেই পুনৰ যাতে শ্বুটিঙত পলম নহয়, তাৰ বাবে চাইকেল চলায় তেওঁ গন্তব্যস্থলীত উপনীত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি