আমেৰিকাত ছালমাক সুধিছিল ‘আলফা’, ‘ডি ভোটাৰ’ৰ কথা…

আমেৰিকাত ছালমাক সুধিছিল ‘আলফা’, ‘ডি ভোটাৰ’ৰ কথা…

(আমেৰিকাৰ পৰা দেওবাৰে নিশা ঘূৰি আহি দিল্লী পালেহি কামৰূপ  (গ্ৰাম্য)ৰ সোণতলীচৰৰ ছালমা হুছেইন। প্ৰায় ১৫দিনৰ অন্তত ছালমা ঘূৰি আহিছে আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ পৰা। এখন অতি পিছপৰা গাঁৱৰ পৰা গৈ ভাৰতক আমেৰিকাত প্ৰতিনিধিত্ব কৰা ছালমাই এন ডি লিডাৰশ্বীপ ইনষ্টিটিউটৰ বিশ্বৰ ৮গৰাকী যুৱ মহিলা শান্তিৰ স্থাপকৰ তালিকাত স্থান লাভ কৰিছে। সেই সূত্ৰেই আমেৰিকাত গৈ কেইবাখনো আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ লোৱাৰ সুযোগ পাইছিল অসমৰ ছালমাই। তেওঁ আমেৰিকাৰ এই ভ্ৰমণ আৰু তাত কি কি অভিজ্ঞতা হ'ল সেই সন্দৰ্ভত ভাৰতত উপস্থিত হোৱাৰ পাছতেই ছালমাৰ সৈতে প্ৰথম কথা হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ। ছালমাৰ সেই সাক্ষাৎকাৰৰ কিছু সম্পাদিত ৰূপ-)

প্ৰতিদিন ডিজিটেল ডেস্কঃ অভিনন্দন। আপুনি চাগে কালি আমেৰিকাৰ পৰা ঘূৰি আহিলে।

ছালমাঃ হয়, কালি পালোহি। দেৰি হ'ল বহুত। ৯ ঘণ্টা পলম হ'ল ফ্লাইট।

প্ৰতিদিন ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন দেশৰ ৮ গৰাকী যুৱ মহিলাক শান্তি স্থাপকৰ তালিকাত স্থান দিয়া হৈছে। তাৰ ভিতৰত আপুনিও আছিল অন্যতম। কেনে লাগিল আমেৰিকাত?

ছালমাঃ খুবেই ভাল লাগিল। বৰ ব্যস্ত আছিলো তাত। দিনটোত ১৩ঘণ্টালৈকে আলোচনা চক্ৰ, কৰ্মশালা ইত্যাদিত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ মূলত তাত আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অসমৰ কথাও নিশ্চয় ওলাইছিল?

ছালমাঃ হয়, অসমৰ প্ৰসংগই স্থান পাইছিল। সংঘৰ্ষজৰ্জ এলেকাত কেনেদৰে কি কৰিব লাগে এই বিষয়েও আলোচনা হৈছিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আলফাৰ কথা কোনোবাই সুধিছিল নেকি আপোনাক?

ছালমাঃ হয় ওলাইছিল। তেওঁলোকে আলফাৰ বিষয়ে ইতিমধ্যে যথেষ্ট কথা জানে।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  ইয়াৰ উপৰিও অসমৰ আন কি প্ৰসংগ আপুনি তাত উপস্থাপন কৰিছিল?

ছালমাঃ মই বানপানীৰ কথা কৈছিলো। গাঁও আৰু চহৰৰ ছাত্ৰ-ছাত্ৰীৰ বিষয়ে আলোকপাত কৰিছিলো। বানপানী হ'লে অসমৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় দুমাহ সময় কিদৰে কষ্ট কৰি পঢ়িবলগীয়া হয় বা বহু সময়ত বিদ্যালয়লৈ যাব নোৱাৰে। এই বিষয়েও মই উল্লেখ কৰিছিলো। আৰু মই ইয়াৰ বাবে কিছু কাৰ্যসূচী যে গ্ৰহণ কৰিব পাৰে সেই কথা জনাইছো। আৰু যথেষ্ট হিংসাত্মক ঘটনা সংঘটিত হয়। এইবোৰ প্ৰতিৰোধৰ বাবে কিবা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পাৰে নেকি সেই  সন্দৰ্ভতো মই আলোকপাত কৰিছিলো।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আপোনাৰ লগত বিশ্বৰ বিভিন্ন  প্ৰান্তৰ ৮গৰাকী যুৱ মহিলা শান্তি স্থাপকে অংশ লৈছিল। তেওঁলোক ক'ৰ ক'ৰ আছিল?

ছালমাঃ ৮গৰাকী যুৱ মহিলাক নিৰ্বাচিত কৰিছিল যদিও তাৰে এগৰাকী ভিছাৰ অসুবিধা হোৱাৰ বাবে আহিব নোৱাৰিলে। বাকী আমি ৭গৰাকী গৈছিলো। এথুপিয়া, চীন, মিছিছিপি, আমেৰিকা, ইৰাক আদি দেশৰ পৰা আহিছিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আপোনালোকৰ প্ৰথম ছেশ্যনটো ক'ত আৰম্ভ হৈছিল?

ছালমাঃ আমাৰ প্ৰথম ছেশ্যনটো আৰম্ভ হৈছিল স্কুল অৱ এথিকছ এণ্ড গ্লবেল লিডাৰশ্বীপত। ৱাশ্বিংটনৰ এই প্ৰতিষ্ঠানত প্ৰথম আমাৰ ছেশ্যন আৰম্ভ হৈছিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আৰু শেষ ক'ত হ'ল?

ছালমাঃ 'চেণ্টাৰ অৱ ইণ্টাৰনেশ্যনেল এণ্ড ষ্ট্ৰেটেজিক'ত শেষ হ'ল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  যিহেতু আপুনি অসমৰ পৰা গৈছে, তাত নিশ্চয় আপোনাক অসমৰ বিষয়ে বহু কথা সুধিছে?

ছালমাঃ হয়, হয়। প্ৰথম দুদিনত আমি এইবোৰ কথা যথেষ্ট পাতিছিলো। আলফাৰ বিষয়ে যথেষ্ট সুধিছিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যা, এন আৰ চি আদি কথাবোৰো কথা নিশ্চয় ওলাইছিল?

ছালমাঃ হয়, এইবোৰ কথাও ওলাইছিল। বিশেষকৈ ডি ভোটাৰ প্ৰসংগক লৈ আলোচনা কৰিছিলো।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  এন আৰ চিক লৈ বিশ্বৰ সংবাদমাধ্যমে যথেষ্ট নেতিবাচক বাতৰি সম্প্ৰচাৰ কৰিছে। এই কথা কোনোবাই সুধিছিলনে?

ছালমাঃ নাই নাই। তেনে কথা সোধা নাই কোনেও। বানপানী বিষয়টোক লৈ তেওঁলোক সচেতন নাছিল। এই কথাহে মই উপস্থাপন কৰিছিলো।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আপুনি তাত থাকোতেই দেশে স্বাধীনতা দিৱস উদযাপন কৰিছিল। আপুনি চাগে স্বাধীনতা দিৱস উদযাপন কৰিব নাপালে?

ছালমাঃ মই উদযাপন কৰিছো। সেইদিনা মই আমেৰিকাস্থ ভাৰতীয় দুতাৱাসলৈ গৈছিলো।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আপুনি এখন অতি পিছপৰা অঞ্চলৰ পৰা গৈছিল। আপুনি ৮বছৰ বয়সতে দেউতাক হেৰুৱাইছিল। আপোনাৰ মাতৃ ৰেজিয়া হুছেইন এগৰাকী শিক্ষয়িত্ৰী। এনে এক ভিতৰুৱা অঞ্চলৰ পৰা গৈ আপুনি বিশ্বৰ প্ৰেক্ষাপটত আপোনাৰ কথাবোৰ উপস্থাপন কৰিলে।

ছালমাঃ হয়, সেইটো মোৰ ভাল লাগিল।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  আপোনাৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি ভৱিষ্যতত কি দৰে কামত আহিব বুলি ভাবে?

ছালমাঃ মই ব্যৱহাৰিক দিশত এই অভিজ্ঞতাক মই ব্যৱহাৰ কৰিম। মোৰ নিশ্চয় কিছু পৰিকল্পনা আছে, সময়ত জনাম।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  ধন্যবাদ ছালমা। আপুনি নিশ্চয় এতিয়া ঘৰলৈ আহিব আজি?

ছালমাঃ হয়, মই গৈ আছো। ৯.৩০ বজাত মোৰ ফ্লাইট। আজি মই গুৱাহাটী পামগৈ।

প্ৰতিদিন ডিজিটেল ডেস্কঃ  পুনৰ ধন্যবাদ আৰু অভিনন্দন ছালমা।

ছালমাঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in