শালবাৰীত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ উদ্যোগত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

শালবাৰীত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ উদ্যোগত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, শালবাৰীঃ ধাৰাসাৰ বৰষুণৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত বাক্সা জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। বাক্সাৰ শালবাৰীৰ ওডালগুৰি বালিপুৰ চৰত বানত ডুব গৈছে বহু লোকৰ ঘৰ-দুৱাৰ,সা-সম্পত্তি৷ বালিপুৰ চৰৰ প্ৰায় শতাধিক বানপীড়িত পৰিয়ালক চাৰিদিন পূৰ্বে আৰক্ষী, ছাত্ৰ সংগঠন আৰু সাংবাদিকৰ সহযোগত উদ্ধাৰ কৰি আশ্ৰয় দিয়া হৈছিল চুবুৰীয়া বিদ্যালয় গৃহত৷

বানপানীয়ে জুৰুলা কৰা এইসকল পৰিয়ালৰ মাজত বিপিএফ দলৰ হৈ ২০ নং মঠনগুৰী সমষ্টিৰ এমচিএলএ গৌতম দাসে কেইবাটাও বান শিবিৰৰ লগতে বাক্সাৰ খাৰিজা বিজনী মৌজাৰ পূৱ খাৰিজা বিজনী ছোৱালী এমই স্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে৷

সাংবাদিকৰে হোৱা বাৰ্তালাপত দুদিন পূৰ্বে এই অঞ্চলৰ বন্যাৰ্তৰ বুজ ল'বলৈ অহা মন্ত্ৰী প্ৰণীলাৰাণী ব্ৰহ্মৰ উদ্যোগত খাদ্য সামগ্ৰখিনি এমচিএলএ গৌতম দাসে বিতৰণ কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে, যোৱা কেইবাদিনো ধৰি বিপিএফ দলৰ নেতা-কৰ্মীৰ লগতে শালবাৰী জিলাৰ মহকুমাধিপতি আৰু বাক্সা জিলা প্ৰশাসনে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই আহিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in