ভোক

ভোক

কাশ্যপ বৰুৱা

বাঘিমাৰী গাঁৱৰ নিচেই কাষেদি বৈ গৈছে খৰখৰী নৈ। ই যদিও এটা সুঁতি, কিন্তু বাৰিষা এই সুঁতিটোৱেই প্ৰলয় সৃষ্টিৰ বাবে যথেষ্ট।খৰালি নৈখন মাতৃৰ দৰেই শান্ত, সৌম্য, গহীন হৈ থাকে। এই নৈখনক লৈয়ে ফুটকনৰ দৰে বহুত পৰিয়াল জী আছে, যুঁজি থাকে জীৱনৰ সৈতে।

শাওন-ভাদ মহীয়া বতাহত খবৰ আহে। আজি যদি হাটীঘুলি মথাউৰি ভাঙিছে, তেন্তে শিলিজান মথাউৰি ভাঙো ভাঙো। সেই ৰাতিবোৰক জোনে পোহৰাব নোৱাৰে। আন্ধাৰ সৰ্বত্ৰে বিৰাজমান। কোনো নুশুয়ে বা শুব নোৱাৰে। কিবা এটা ভয়ে সকলোকে খেদি ফুৰে। যেন টোপনিবোৰ খৰখৰীয়ে নৈয়েহে উটুৱাই নিয়ে! তেনেকোৱা এটা ৰাতিতেই এটা খবৰ আহিল। মথাউৰি ভাঙিল। তাৰপাছত সপোন যেন সকলো দুঃস্বপ্নৰ ঢলে ধন-মন-জন উটাই লৈ গ'ল।

সিহঁতে প্ৰায়ে বাতৰিত পঢ়ে- বাঘিমাৰী গাওঁলৈ বান সাহাৰ্য্য, আৰ্তজনৰ কাষত মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতা…। ক'তা সিহঁতে চোন একো নাপায়। পালেও কেতিয়াবা মুৰী এপোৱা, ৰঙালাও মিহলোৱা গুৰ এটুকুৰা আৰু কেতিয়াবা ভাগ্য ভাল থাকিলে এপেকেট বিস্কুট। পৰিয়ালটোৱে খাবলৈ হ'লে কাৰোৰে পেট নভৰে। সেয়ে ল'ৰা-ছোৱালী কেইটাকে খুৱাই সিহঁতে ঠাণ্ডা পানী খাই শুই থাকে।

বানে সিহঁতক একো নিদিয়ে কেৱল কাঢ়ি নিয়ে সকলো সপোন। নৈখনে সামৰি লৈছে মাটি, এতিয়া কেৱল ভেটিটোহে বাচিছেগৈ।এনেকৈ থাকিলে দুবছৰৰ পাছত ঘৰ-ভেটিও নাথাকিব, জাহ যাব নৈৰ বুকুত। বৰষুণ এৰিল যদিও, পানী কমা নাই। পানী যিমান খৰকৈ সোমাই ,সিমান লাহে লাহেহে ওলাই। ইফালে ঘৰত অন্নৰ নামত খুদকন এটাও নাই । ল'ৰা-ছোৱালিহালৰ চকুলৈ চাবকে নোৱাৰি।

ভোক পেটত লৈ বহি থাকিব আৰু নোৱাৰি । সি বাৰু থাকিলে ,কিন্তু ল'ৰা-ছোৱালীহাল? বহুত ভাবি-গুণী চাইকেলৰ মোনাটোতে দাখন ভৰাই আগলৈ বুলি পেডেল ঘূৰালে । লক্ষ্যঃ এসাজ ভাত। ৰাজপথ শূন্য। অলপ দূৰ উজাই গৈ দুই তলাৰ এটা ঘৰৰ সমুখত এজন মানুহ দেখিলে। সি ওচৰ পাওঁতেই মানুহটোৱে উপযাচি সুধিলে- 'ঐ গছৰ ডাল অলপ কাটিব আছিলে,পৰিবি নি ? বেছি দেৰি কাম নহয়, এক ঘণ্টা বা ডেৰ ঘণ্টাত হৈ যাব।'

মানুহঘৰত মাছ ভাজিছে হ'ব পায়। সি গোন্ধ পালে। ভোকটো দমাই থৈ, উৎসাহেৰে ক'লে- 'হয়, পাৰিম।' দুই ঘণ্টাৰ ভিতৰত তাৰ কাম হৈ গ"ল । টকা এশ লৈ সি আনন্দ মনেৰে ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলে । ভোক গুচাব পৰা সুখ যে স্বৰ্গীয় এক অনুভৱ সি ভালকৈয়ে বুজিলে।

বস্তু কেইপদ কিনিবলৈ কতো এখন দোকান খোলা নাই। তেনেতে অলপমান দূৰৈত এজন ডেকা লৰাই বুঢ়া দোকানীজনক কৈ থকা শুনিলে- 'ৰাতিলৈ খানা আছে, দাইল, আলু, চাউল যি লাগে দি দিবি, আমাৰ ল'ৰা আহিব। এতিয়া গোটখা পেকেট দে ৫টা। গোটখা পেকেট কেইটা লৈ ডেকা ল'ৰাটোৱে বাইকখন লৈ আতৰি গ'ল। ফুটকণেও সেই সুবিধাতে দোকানৰ পৰা চাউল এক কেজি , দাইল এপোৱা আৰু আলু আধা কেজি লৈ ঘৰলৈ বুলি বাট ল'লে।

'অব্বে চাল্লা বেইন…, আজি বন্ধ, সি বেটাই কাম কৰিব যায় , চাল্লা বাংলাদেশী মাৰ তাক।' অলপ সময়ৰ পিছত সি তাৰ বস্তুখিনিৰ নেফানেফ অৱস্থাত নিজকে পথাৰৰ মাজত আবিষ্কাৰ কৰিলে, আঃ কি অসহ্য বিষ। দীঘল আৰু শেঁতা হুমুনিয়াহৰে নিজকে নিজেই কলে, আজি বন্ধ আছিল, শ্ৰমিকে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱা অভিযোগত বন্ধ দিছিল কোনো সংগঠনে।

সি উঠি বহিল। সি বাৰু বুজি পাইছে, ল'ৰা-ছোৱালী দুটাইতো নুবুজে এইবোৰ। পথটোত পৰি থকা চাউলবোৰ সি দুহাতেৰে গোটালে। আলু কেইটামানো পালে। লুঙিখনতে কোচ পাতি সি সেইবোৰ তুলিলে। যি হয় হ'ব। এই কেইটা চাউলেৰেই বনাই দিব সিহঁতক ভাত। পথৰ সৰু সৰু শিলো উঠিছে চাউলৰ সৈতে। ভাত খাওতে শিল পালে সিহঁতে সুধিবই। তেতিয়া ক'ব- 'এইবোৰ ৰিলিফৰ চাউল অ'।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in