শশী শৰ্মাৰ অন্তিমৰ কথা উন্মোচন, থোকাথুকি মাতেৰে চিন্তাবিদগৰাকীয়ে ক’লে- এয়া হ’ব পাৰে শেষ লেখা

শশী শৰ্মাৰ অন্তিমৰ কথা উন্মোচন, থোকাথুকি মাতেৰে চিন্তাবিদগৰাকীয়ে ক’লে- এয়া হ’ব পাৰে শেষ লেখা

ডিজিটেল সংবাদ, নলবাৰীঃ প্ৰজ্ঞাৰ সাধক বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মাৰ 'অন্তিমৰ কথা' শীৰ্ষক ক্ষুদ্ৰ কলেবৰৰ আত্মজীৱনীখন দেওবাৰে উন্মোচন কৰা হয়। ৯০ বছৰীয়া প্ৰথিতযশা সাহিত্যিক-সমালোচকগৰাকীৰ নলবাৰী জাপাৰকুছিৰ বাসভৱনত নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাই প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে।

এই উপলক্ষে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক পৰীক্ষিত বৈশ্যই আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত উপায়ুক্ত দেৱচৌধুৰীয়ে শশী শৰ্মাক এগৰাকী ঋষিতুল্য ব্যক্তি বুলি অভিহিত কৰে। তেওঁ নিজেও শশী শৰ্মাৰ লেখাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰি কয় যে, এইগৰাকী ধীমান ব্যক্তি সকলোৰে প্ৰেৰণাৰ উৎস। উল্লেখনীয় যে, জীৱন যুদ্ধত কাহানিও হাৰ নমনা, প্ৰখৰ সমাজ চেতনাসম্পন্ন, ৰূপান্তৰৰ সাধক শশী শৰ্মা এতিয়া নব্বৈ বছৰীয়া বৃদ্ধ। কাণেৰে নুশুনা, ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত, কৃত্ৰিম হৃদযন্ত্ৰৰ সহায়ত শ্বাস প্ৰশ্বাস লৈ থকা এগৰাকী অন্তিমৰ যাত্ৰী। মাজে মাজে স্মৃতি বিভ্ৰম হয় তেওঁৰ। প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হৈয়ো সম্প্ৰতি অথৰ্ব হৈ পৰা শশী শৰ্মাই থোকাথুকি মাতেৰে অনুষ্ঠানত কয় যে, 'বৃদ্ধত্বই তেওঁৰ দেহ মন বাৰুকৈয়ে স্পৰ্শ কৰিছে, কিন্তু ৰাইজৰ মৰম ভালপোৱা, পৰিয়ালৰ পৰিচৰ্যা আৰু ডাক্তৰসকলৰ শুশ্ৰূষাই তেওঁৰ মনটোক এতিয়াও নিষ্ক্ৰিয় হ'ব নিদিয়াকৈ ৰাখিছে।

বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয়- 'মোৰ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই সজীৱ হৈ থকা জীৱনৰ অলিয়ে গলিয়ে সম্মুখীন হোৱা বিভিন্ন ঘাত প্ৰতিঘাত, পোৱা নোপোৱাৰ অন্তিম স্মৃতিচাৰণ 'অন্তিমৰ কথা' লিখি উলিয়াইছো।' প্ৰায় এশখন গ্ৰন্থ ৰচনা কৰা শশী শৰ্মাই সকলোকে ব্যথিত কৰি এই কথাও কয় যে, 'হয়তো এইখনেই হ'ব পাৰে মোৰ জীৱনৰ অন্তিম লেখা।' হিংসা- বিদ্বেষবিহীন এখন সমাজ গঢ়ি উঠক, সকলো মানুহ বিশিষ্ট হওক বুলিও তেওঁ কামনা কৰে।

অনুষ্ঠানত সাহিত্যিক ধীৰেন মিশ্ৰয়ো দুআষাৰ ভাষণ দিয়ে। অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মাৰ পৰিবাৰ বীণাপানি দেৱী, শিক্ষাবিদ মহানন্দ তালুকদাৰ, নতুন সাহিত্য পৰিষদৰ বিষয়ববীয়া নগেন দাস, তৰুলতা বৈশ্য, হাতেম আলী, জিতেন হুজুৰী, সাংবাদিক কমলেশ শৰ্মা, মনোজ শৰ্মা আদিও উপস্থিত থাকে।

অভিজ্ঞানমৰ সম্বৰ্ধনাঃ

ইপিনে দেওবাৰে সন্ধিয়া ৰাজহুৱা ন্যাস 'অভিজ্ঞানম'ৰ তৰফৰ পৰা বিশিষ্ট চিন্তাবিদ শশী শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। ন্যাসৰ পঞ্চম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি মুখ্য ন্যাসৰক্ষী ডাঃ বসন্ত কুমাৰ বৈশ্যসহ ক্ৰমে ধনেশ্বৰ শৰ্মা, প্ৰনবপ্ৰাণ বাচ্যস, পবিন্দ্ৰ বেজবৰুৱা আৰু দেৱেশ্বৰ ডেকাই জাপাৰকুছিৰ গৃহলৈ আহি গামোচা, জাপি, মানপত্ৰ আৰু ফুলৰ থোপাৰে বিশিষ্ট চিন্তাবিদগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in