প্ৰতিজন অসমীয়াৰ বাবেই সাৰথি হ’ব অনিল বৰুৱাৰ…

প্ৰতিজন অসমীয়াৰ বাবেই সাৰথি হ’ব অনিল বৰুৱাৰ…

● মৃদুল কুমাৰ সন্দিকৈ

এটা শব্দ। অৰ্থ বিচাৰি আপুনি মেলি লৈছে এখন অভিধান। ঘৰত থাকিলে কোনো অসুবিধা নাই। কিন্তু এনে এক স্থানত আপোনাক সেই শব্দটোৰ অৰ্থ প্ৰয়োজন হৈছে যে আপোনাৰ লগত কোনো অভিধান নাই। বহুতৰ বাবে এতিয়া এয়া এক ডাঙৰ সমস্যা।

কেৱল অসমীয়া শব্দৰ অৰ্থই নহয়, কিবা এটা ফকৰা-যোজনা, জতুৱা-ঠাঁচ, সমাৰ্থক শব্দ আদি বিচাৰি ইন্টাৰনেটত হাহাকাৰ কৰাৰ অভিজ্ঞতা বহুতৰে আছে। বিশ্বৰ আন উন্নত ভাষাবোৰ যথেষ্ট আগবাঢ়ি গৈছে। ইন্টাৰনেটতে উপলব্ধ সেই ভাষাবোৰৰ শব্দৰ অৰ্থ, সমাৰ্থক শব্দ আদি।

ডিজিটেল পৃথিৱীত এতিয়া অসমীয়া ভাষাৰ বাবেও এনে এক ব্যৱস্থাৰ প্ৰয়োজন হৈছে। ইন্টাৰনেট ব্যৱহাৰকাৰীয়েই বুলি নহয়, হাতত থকা মোবাইলটোত অসমীয়া লিখা-মেলা কৰা, ছ'চিয়েল মিডিয়াত ব্যস্ত থকা সকলৰ বাবে যদি এনে এটা এপছ ওলাই, য'ত অসমীয়াৰ পৰা ইংৰাজী শব্দৰ অৰ্থ, ইংৰাজীৰ পৰা অসমীয়া শব্দৰ অৰ্থ পোৱাৰ লগতে জতুৱা-ঠাঁচ, সমাৰ্থক শব্দ যদি উপলব্ধ হয়, তেনেহ'লে সেয়া অসমীয়া ভাষাৰ বাবে জানো অন্যতম সুখকৰ খবৰ নহ'ব?

আপুনি, মই যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, বা যিবোৰ অসুবিধা ডিজিটেল মাধ্যমত সন্মুখীন হোৱা যায়, লগতে হাতৰ মুঠিত থকা এণ্ড্ৰইড মোবাইলটোতে এই সকলোবোৰ সমস্যাৰ সমাধানৰ বাবে কোনো অসমীয়াই চিন্তা-চৰ্চা কৰিছেনে?

অতি নীৰৱে অসমীয়া ভাষাৰ এই জটিল সমস্যা সমাধানৰ বাবে দীৰ্ঘ দিন ধৰি কাম কৰি থকা অনিল বৰুৱাই ব্যক্তিগত প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিয়াইছে 'সাৰথি' নামৰ এটা এপ। এই এপৰ সম্পূৰ্ণ নাম হ'ল- 'সাৰথি অসমীয়া অভিধান এপ'। ইয়াৰ মূল বৈশিষ্ট্য সমূহ হ'ল- দীৰ্ঘদিনৰ প্ৰস্তুতিৰ অন্তত এই ডাটাবেজ এপছ, শুদ্ধ তথা গুণগত দিশৰ পৰা সৰ্ব্বাংগ সুন্দৰ ৰূপত প্ৰস্তুত কৰি উলিওৱা হৈছে।

'সাৰথি অসমীয়া অভিধান এপ'ত আছে মুঠ ১০টা শিতান। সেই শিতান কেইটা হৈছে-

১. আধুনিক ইংৰাজী-অসমীয়া অভিধান অসমীয়া।
২. আধুনিক অসমীয়া-ইংৰাজী অভিধান।
৩. সাৰথি অসমীয়া অভিধান।
৪. কাৰ্যালয় অভিধান।
৫. বৈজ্ঞানিক নাম।
৬. ফকৰা-যোজনা।
৭. জতুৱা-ঠাঁচ।
৮. সমাৰ্থক শব্দ।
৯. বিপৰীত শব্দ।
১০. ভুল-শুদ্ধৰ তালিকা।

ইয়াৰোপৰিও Abbreviation-ও আছে এই এপটোত। এই এপৰ জৰিয়তে কোনো শব্দ বা বিষয় অফলাইন থাকিলেও চাৰ্চ কৰি চাব পৰা যায়। অতি পৰিকল্পিতভাৱে অভিধান কেইখন App View আৰু Book View ৰূপত চাব পৰা ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ আপুনি এপত কোনো শব্দৰ অৰ্থ চোৱাৰ লগতে কিতাপক পৃষ্ঠাৰ দৰেও এই এপত অভিধান চাব পাৰে।

কোনো শব্দৰ অৰ্থ যদি নুবুজে, তেনেহ'লে সেই শব্দটো 'পেষ্ট' কৰি দিলেই শব্দটোৰ অৰ্থ Pop-Up Screenত দেখিবলৈ পোৱা যায়। অত্যাধুনিক প্ৰযুক্তিৰে প্ৰস্তুত কৰা এই এপৰ আন এটা গুৰুত্বপূৰ্ণ সংযোগ হ'ল- ইংৰাজী-অসমীয়া অভিধানৰ ইংৰাজী শব্দবোৰৰ বিপৰীতে উচ্চাৰণো সন্নিৱিষ্ট কৰা হৈছে।

'সাৰথি অসমীয়া অভিধান এপ' যুৱক-যুৱতী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, সাংবাদিক, ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা, ক'লা-কুশলীকে ধৰি কাৰ্যালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰী আদি সকলোৰে বাবে অতি উপযোগী আৰু প্ৰয়োজনীয়। এই এপটোৰ লিংক হ'ল-

কিছু দিনৰ পূৰ্বে গুগল প্লে' ষ্টোৰত উপলব্ধ কৰা এই এপটোৰ সন্দৰ্ভত ইতিমধ্যে ব্যৱহাৰকাৰীসকলে দিয়া কেইটামান মতামতে ইয়াৰ গুণগত আৰু প্ৰয়োজনীয়তাৰ কথা দাঙি ধৰিছে। ৰেটিং এণ্ড ৰিভিউছত ৫ৰ ভিতৰত ৪.৯ ষ্টাৰ লাভ কৰা এপটোৰ সন্দৰ্ভত ববিতা দত্তই লিখিছে- এয়া অতি উত্তম এংলো-আছামিছ মেডিকেল ডিকছনাৰী এপ।

মৰ্গন বৰাই এপটো ব্যৱহাৰ কৰি লিখা কথাখিনি আছিল- 'দ্য বেষ্ট ডিকছনাৰী, থেংকছ টু ডেভলপাৰ'। চাহেব খানে এপটোৰ সন্দৰ্ভত মন্তব্য কৰি কৈছে- 'দিজ ডিকচনাৰীছ আৰ ফাইণ্ড ভেৰী হেল্পফুল এণ্ড আই হেফ ফাউণ্ড এপ্ৰ'ক্সিমেটলি অল ৱৰ্ডছ, থেংকছ টু ডেভলপাৰ।'

সকুনিতা কলিতা, মনোজ বৰা, প্ৰকাশ শইকীয়া, আনৱাৰ হুছেইন, নবৰূণ ঘোষ আদিয়ে এই এপটো ব্যৱহাৰ কৰি এটা কথাই লিখিছে যে ইমান দিনে অসমীয়া ভাষাত অভাৱ ঘটি থকা এটা ডাঙৰ অভাৱ পূৰণ হ'ল। এনে প্ৰশংসাৰে ভৰি থকা এই এপটো যিয়ে এবাৰ ব্যৱহাৰ কৰিছে, সিয়ে ক'বলৈ বাধ্য হৈছে- এয়া অসমীয়া ভাষা-জাতিৰ বাবে এক ডাঙৰ উপহাৰ।

এপটো ইমান পৰিকল্পিতভাৱে কৰা হৈছে যে, অসমীয়া লিখোতে সন্মুখীন হ'বপৰা যিকোনো ধৰণৰ সমস্যা যাতে এই এপটোৰ জৰিয়তে মোবাইলতে সমাধানৰ সূত্ৰ আমি লৈ ফুৰিব পাৰো। এপটো অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিত ক্ৰয় কৰিব পাৰে গ্ৰাহকে। ইয়াৰ উপৰিও প্ৰয়োজন অনুসৰি ১০টা শিতানৰ ভিতৰত প্ৰয়োজনীয় শিতান সমূহ ইনষ্টল কৰাৰ সুবিধাও ৰখা হৈছে।

ইংলিচ-আছামিছ ডিকছনাৰীখন ক্ৰয় কৰিব খুজিলে ৫৯ টকা, আছামিছ-ইংলিচ ডিকছনাৰী- ৬৯টকা। এনেদৰে গোটেই কেইটা এপ মাত্ৰ ১৯৯ টকাত আপুনি লাভ কৰিব পাৰে। যিবোৰ এখন এখনকৈ কিতাপ ক্ৰয় কৰিবলৈ হ'লে আপোনাক প্ৰয়োজন হ'ব ২,২৯০ টকা।

এই এপটো প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া ভাষা আৰু চফটৱেৰ বিকাশ কেন্দ্ৰই। ২০০২ চনত এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰিছিল অনিল বৰুৱাই। তেওঁৰ একাণপটীয়া চেষ্টা আৰু সাধানৰ বাবেই এয়া সম্ভৱ হৈছে। বৰ্তমান সময়ত ডেক্সটপ, লেপটপৰ বিপৰীতে মোবাইল এপৰ চাহিদা ভাৱিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। সেয়েহে এই এপৰ প্ৰয়োজনীয়তা কিমান হ'ব পাৰে সেয়া সকলোৱে অনুভৱ কৰে।

এই সন্দৰ্ভত অনিল বৰুৱাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ক'লে- 'বিভিন্ন সময়ত অসমীয়া আখৰৰ জোঁটনিক লৈ আমি বহু সমস্যাত পৰিছিলো। অসমীয়া ভাষাত এনে চফটৱেৰ নথকাৰ বাবে এনে এটা প্ৰকল্পৰ কাম হাতত লৈ আগবাঢ়িছিলো। তাৰেই দীৰ্ঘদিনীয়া পৰিণতিত এই এপটো প্ৰস্তুত কৰা হ'ল।'

উল্লেখযোগ্য যে, ৰাজ্যৰ কেইবাগৰাকী ভাষাবিদৰ পৰামৰ্শ, বিভিন্ন বিশেষজ্ঞ লোকৰ সহযোগত এই এপ অতি উপযোগীকৈ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে অনিল বৰুৱাই আন কিছু কামৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

২০০৮ চনত তেওঁ প্ৰথমখন অসমীয়া চফটৱেৰ অভিধান মুকলি কৰাৰ লগতে সহজ ডিটিপি চফটৱেৰ প্ৰস্তুত কৰিছিল ২০১২ চনত। এই প্ৰতিষ্ঠানটোৰ পৰাই তেওঁ কেইবাখনো প্ৰয়োজনীয় কিতাপ প্ৰকাশ কৰি উলিয়াইছে। তাৰ ভিতৰত 'ভুল', 'জনপ্ৰিয় অসমীয়া ফকৰা-যোজনা', 'বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ', 'কাৰ্যালয় অভিধান' আদিকে ধৰি ৫০ খনৰো অধিক গ্ৰন্থৰ লগতে 'আধুনিক অসমীয়া-ইংৰাজী অভিধান' আৰু 'আধুনিক ইংৰাজী-অসমীয়া অভিধান' প্ৰকাশ কৰিছে অনিল বৰুৱাই।

সাধাৰণ ডিটিপি অপাৰেটৰৰ পৰা এই ধৰণৰ অতি প্ৰয়োজনীয় কামত জড়িত হৈ পৰা অনিল বৰুৱাৰ আছে এক বৰ্ণিল অতীত। কামৰ বাবে কেতিয়াও লাজ নকৰা অনিল বৰুৱা আছিল অত্যন্ত মেধাৱী ছাত্ৰ। আৰ্থিক অসুবিধাৰ বাবে পঢ়িব নোৱাৰি কৰ্ম সংস্থাপনৰ বাবে ৰাজমিস্ত্ৰীৰ যোগালিৰ কামো কৰিছিল তেওঁ।

সেই প্ৰত্যাহ্বানক নেওচি অনিল বৰুৱাই অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি পৰৱৰ্তী সময়ত কেইজনমানক সহযোগী হিচাপে লৈ যিবোৰ কাম কৰি গৈছে তাৰ মূল্যায়ণ এদিন সময় তথা অসমীয়া জাতিয়ে কৰিব লাগিব। শেহতীয়াকৈ অনিল বৰুৱাই প্ৰস্তুত কৰি উলিওৱা 'সাৰথি অভিধান এপ' (Saarathi Dictionary App) আৰু সাৰথি চিকিৎসা অভিধান এপ (Saarathi Medical Dictionary App)-এ আজি এই তথ্য প্ৰযুক্তিৰ যুগত অসমীয়া ভাষা, সাহিত্যক দিব অন্য এক মাত্ৰা।

'সাৰথি' এতিয়াৰ পৰা সকলোৰে বাবে সাৰথি হ'ব। এনে এক মহান কাম অতি নীৰৱে সম্পাদন কৰি অনিল বৰুৱাই দেখুৱাই দিলে একাগ্ৰতা আৰু নিষ্ঠা থাকিলে কিদৰে সফলতা লাভ কৰিব পাৰি। মোবাইলৰ ভিতৰতে অভিধান আৰু আন প্ৰয়োজনীয় এই ১০টা শিতানে বহু সমস্যা আমাৰ সমাধান কৰি দিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in