৭দিনৰ ভিতৰত নুমলীগড় শোধনাগাৰৰ হস্তী কৰিডৰৰ পকীবেৰা ভঙাৰ নিৰ্দেশ ন্যায়ালয়ৰ

৭দিনৰ ভিতৰত নুমলীগড় শোধনাগাৰৰ হস্তী কৰিডৰৰ পকীবেৰা ভঙাৰ নিৰ্দেশ ন্যায়ালয়ৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ তেলগৰমত অৱস্থিত নুমলীগড় তেলশোধনাগাৰৰ সমীপত শোধনাগাৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা পকীবেৰ ভাঙিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, শোধনাগাৰ কৰ্তৃপক্ষই হস্তীকৰিডৰত পকীবেৰা নিৰ্মাণ কৰি বন্যহস্তীৰ স্বাভাবিক পৰিভ্ৰমণত ব্যাঘাট জন্মাইছে বুলি এজন প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনৰ ওচৰ চপাত প্ৰাধিকৰনে পকীবেৰ ভাঙিবৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক নিৰ্দ্দেশ দিয়ে।

ইয়াৰ পাছতে গোলাঘাট জিলা প্ৰশাসনে বেৰাৰ কিছু অংশ ভাঙি দিয়ে যদিও শোধনাগাৰ কৰ্তৃপক্ষই পুণৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়েও সেউজ প্ৰাধিকৰনৰ ৰায়কেই বাহাল ৰখাত শোধনাগাৰ কৰ্তৃপক্ষ উচ্চতম ন্যায়ালয়ৰ দাৰস্হ হয়। ইয়াৰ পাছতে যোৱা ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে বাকী থকা পকী বেৰা ভাঙি পেলোৱাৰ বাবে পুনৰ নিৰ্দেশ দিয়ে। সেই মৰ্মে অহা ৭দিনৰ ভিতৰত পকীবেৰাৰ বাকী অংশ ভাঙিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষক ইতিমধ্যে নিৰ্দেশ দিছে। মঙলবাৰে গোলাঘাট জিলাৰ অতিৰিক্ত উপযুক্ত উৎপল দলেই সংবাদ মাধ্যমৰ আগত কয় যে, যদিহে অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত শোধনাগাৰ কৰ্তৃপক্ষই বেৰাখন নাভাঙে তেন্তে প্ৰশাসনে নিজাববীয়াকৈ ব্যৱস্থা লবলৈ বাধ্য হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in