আজৱ খেল! গলৰক্ষকক পুৰস্কাৰ হিচাপে এ কে-৪৭ ৰাইফল…

আজৱ খেল! গলৰক্ষকক পুৰস্কাৰ হিচাপে এ কে-৪৭ ৰাইফল…

ডিজিটেল ডেস্কঃ এখন মেচত ভাল খেল প্ৰদৰ্শন কৰিলে এজন খেলুৱৈ মেন অৱদ্য মেচৰে সন্মানিত কৰাৰ লগতে প্ৰদান কৰা হয় পুৰস্কাৰ। এয়া খেলৰ এক পৰম্পৰা।কিন্তু মাজে সময়ে খেলুৱৈক অদ্ভূত পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়, যি কথা শুনি আচৰিতহৈ পৰে সকলো। তেনে এক ঘটনা সংঘটিত হৈছে ৰাছিয়াত।

ৰাছিয়াৰ এটা আইচ হকী দলৰ ছাৱেলী ক'ন'নোভ নামৰ এজন গল কীপাৰ (গলৰক্ষক)এ অতি ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে এটা এ কে-৪৭ ৰাইফল পুৰস্কাৰ ৰূপে লাভ কৰে। মেচখনত ক'ন'নোভে বিৰোধী দল ইজষ্টাল ইজেভছকৰ ৩২টাকৈ গল প্ৰতিৰোধ কৰে। ইমান ভাল খেল প্ৰদৰ্শন কৰাৰ পাছত ৩-২গলৰ ব্যৱধানত ক'ন'নোভেৰ দলটো জয়ী হয়।

গল কীপাৰ ক'ন'নোভেক তাৰ বাবে মেন অৱ দ্য মেচৰ পুৰস্কাৰ ৰূপে প্ৰদান কৰা হয় এটা এ কে-৪৭ ৰাইফল। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যে, এইটো ৰাইফল নকল হয় নে নহয়। জয়ী হোৱা দলটোৰ অধিনায়কগৰাকীয়েই গল কীপাৰ ক'ন'নোভেক এই পুৰস্কাৰ দিয়ে।

ইফালে, ক'ন'নোভেৰ এজন বন্ধুৱে ধেমালি কৰি কয় যে, যদি এইমেচখনত আমি ভাল খেল প্ৰদৰ্শন নকৰিলো হয়, তেন্তে এইটো ৰাইফলেৰেই আমাক গুলীয়ালে হয়।তাৰপাছত দলটোৰ খেলুৱৈসকলে এ কে-৪৭ ৰাইফলটোৰ সৈতে ফটো তোলে। আৰু বৰ্তমান ইয়াক লৈতীব্ৰ চৰ্চা চলিছে ছ'চিয়েল মিডিয়াত।

আমেৰিকাত নেশ্যনেল হকী লীগত ভাল খেল প্ৰদৰ্শন কৰাখেলুৱৈসকলক এনেধৰণৰ আজৱ পুৰস্কাৰ প্ৰদান কৰা এক পৰম্পৰা আছে। উল্লেখ্য যে, কেৰলিনাহাৰিকেনছ নামৰ এটা দলৰ এগৰাকী খেলুৱৈয়ে মেন অৱ দ্য মেচ লাভ কৰাৰ পাছত তেওঁক এখনকুঠাৰ প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in