ঘেঁহু খেতিত যাত্ৰীবাহী বিমানৰ জৰুৰীকালীন অৱতৰণ, বৈমানিকক ‘হিৰ’ আখ্যা…

ঘেঁহু খেতিত যাত্ৰীবাহী বিমানৰ জৰুৰীকালীন অৱতৰণ, বৈমানিকক ‘হিৰ’ আখ্যা…

ডিজিটেল ডেস্কঃ ৰাছিয়াত বৃহস্পতিবাৰে কথমপি প্ৰাণ ৰক্ষা পৰে২৩৩জনকৈ লোকৰ। দৰাচলতে এখন যাত্ৰীবাহী বিমান হঠাৎ কৰিবলগীয়া হয় জৰুৰীকালীন অৱতৰণ।ৰাছিয়াৰ এখন বিমান উৰা মৰাৰ কিছু মিনিট পাছতেই ইঞ্জিনত সোমাই চৰাই। বিমানৰ ইঞ্জিনতচৰাই সোমাই যোৱাৰ পাছতেই মাস্ক' নামৰ এলেকাৰ ঘেঁহু খেতিৰ ওপৰতেই বৈমানিকে অৱতৰণকৰে বিমানখন।

বিমানখনত আছিল ২৩৩জন যাত্ৰী। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনায় যে,প্ৰায় ২৩জনকৈ লোক আহত হৈছে। আৰু আহতৰ ভিতৰত ৯টি শিশুও আছে। লগতে কয় যে, সৌভাগ্যবশতবিমানখন জৰুৰীকালীন অৱতৰণ কৰাৰ পাছত কোনো লোকৰ প্ৰাণহানি হোৱা নাই।

ইফালে, এই ঘটনাৰ পাছত স্থানীয় সংবাদমাধ্যমে বিমানখনৰ বৈমানিকজনৰপ্ৰশংসা কৰে। আৰু এটা স্থানীয় নিউজ চেনেলে দমীৰ ইউছুপ' নামৰ বৈমানিকগৰাকীক 'হিৰ'আখ্যা দিয়ে। বৈমানিকগৰাকীয়ে বিকল হৈ পৰা ইঞ্জিনৰ পাছতো সফলতাপূৰ্বক বিমানখনৰজৰুৰীকালীন অৱতৰণ কৰে আৰু যাত্ৰীসকলৰ প্ৰাণৰক্ষা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in