অধিক আক্ৰমণাত্মক হৈ উঠিছে ৰাছিয়াঃ ইউক্ৰেইনৰ এখনৰ পিছত আন এখন চহৰত চলিছে ধ্বংসলীলা…

অধিক আক্ৰমণাত্মক হৈ উঠিছে ৰাছিয়াঃ ইউক্ৰেইনৰ এখনৰ পিছত আন এখন চহৰত চলিছে ধ্বংসলীলা…

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। ইয়াৰ মাজতে সোমবাৰে দুয়োখন দেশৰ মাজত যুদ্ধ বিৰতি সম্পৰ্কে আলোচনা হৈছিল যদিও এই আলোচনা সফল নোহোৱাৰ পিছতেই ৰাছিয়াই অধিক কঠোৰ ভাৱে ইউক্ৰেইন আক্ৰমণ কৰিছে। ৰাছিয়াই দ্ৰুতগতিত ইউক্ৰেইনৰ বহু কেইখন চহৰ আক্ৰমণ কৰি প্ৰায় দখল কৰিছে।

ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ খাৰকিভ চহৰৰ স্থানীয় চৰকাৰৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে। এই আক্ৰমণত কমেও ১০ জন লোক নিহত হৈছে। তদুপৰি, ৰাজধানী কিয়েভৰ মুখ্য দূৰদৰ্শন টাৱাৰত ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকত ৫ জন লোক নিহত হয়। দূৰদৰ্শন টাৱাৰত হোৱা এয়াৰ ষ্ট্ৰাইকে ৰাজ্যখনত সম্প্ৰচাৰ বন্ধ কৰি তুলিছে। ৰাজধানী কিয়েভত হোৱা বিমান আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে।

বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজধানী কিয়েভৰ পৰা সকলো ভাৰতীয় দেশখনৰ পশ্চিম প্ৰান্তলৈ আহিছে আৰু কাষৰীয়া দেশসমূহত প্ৰৱেশ কৰিছে। এই দেশসমূহত ইতিমধ্যেই ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ লগতে কেইবাজনো মন্ত্ৰী গৈ উপস্থিত হৈছে। ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য কৰ্মচাৰীসকলে যুদ্ধবিধ্বস্ত দেশখনৰ পশ্চিম অংশৰ ফালে আগবাঢ়িছে।

মঙলবাৰে খাৰকিভ চহৰত ৰাছিয়াৰ আক্ৰমণত এজন ভাৰতীয় ছাত্ৰও নিহত হৈছিল। কৰ্ণাটকৰ বাসিন্দা নবীন শেখৰাপ্পা ৰেচনৰ দোকানলৈ গৈ থিয় হৈ থকাৰ সময়তে ৰাছিয়াৰ সেনাই এটা প্ৰশাসনিক ভৱন লক্ষ্য কৰি আক্ৰমণ কৰিছিল আৰু তাৰ ফলত নবীনৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in