ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কোৰোনাৰ ভেকচিন…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কোৰোনাৰ ভেকচিন…

ডিজিটেল সংবাদঃ অৱশেষত ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কোৰোনা ভাইৰাছৰ ভেকচিন। মংগলবাৰে আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভালদিমিৰ পুটিনে সদৰি কৰিলে এই কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা মতে যিসকল লোকক এই ভেকচিন দিয়া হৈছে তেওঁলোকৰ ভিতৰত তেওঁৰ কণ্যাও আছে।

ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যত প্ৰকাশ পোৱা মতে ভেকচিনটোৰ ব্যৱহাৰকলৈ তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ৰাছিয়াৰ গামালয়া ৰিচাৰ্ছ ইনষ্টিটিউতত প্ৰস্তুত কৰা হৈছে কোৰোনাৰ এই ভেকচিন।

দেশখনৰ চৰকাৰী সুত্ৰত প্ৰকাশ পোৱা অনুসৰি প্ৰথমে দেশখনৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, শিক্ষক আৰু জৰুৰকালীন সেৱাত নিয়োজিত লোকসকলৰ দেহত পৰীক্ষণৰ বাবে দিয়া হৈছিল এই ভেকচিন। উল্লেখ্য যে পৰীক্ষণৰ সময়ত কোনো এজন লোকৰে শৰীৰত চাইড এফেক্ট হোৱা নাই হোৱা বুলি মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in