অকৰ্মণ্য বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই ৰূপহীহাটত মৃত্যু হ’ল ৭জনৰ

অকৰ্মণ্য বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই ৰূপহীহাটত মৃত্যু হ’ল ৭জনৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰহস্যৰ মাজত সোমাই পৰিছে নগাঁৱৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ বিদ্যুৎস্পৃষ্ট ঘটনা। ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক এজন প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ সন্দৰ্ভত সবিশেষ জনাই কয় যে- পুৱা ভাগত ১১হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিছিল পুখুৰীটোত।

এই কথা অঞ্চলটোৰ লাইনমেনজনক জনাইছিল।বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পাছত পুখুৰীত মাছ মাৰিবলৈ পুৱাই নামিছিল লোক কেইজন। প্ৰথমবাৰ মাছ মাৰি উঠি ভাত খাই পুনৰ মাছ মাৰিবলৈ পুখুৰীত নামোতেই সংঘটিত হয় এই অঘটন। এতিয়া প্ৰশ্ন হয়- প্ৰথমবাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পাছত দ্বিতীয়বাৰ ছিগি পৰা তাঁৰ ডালেৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত হ'ল? নে প্ৰথমবাৰেই বিদ্যুৎ কৰ্তন কৰা হোৱা নাছিল? এই ঘটনাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত।

ইফালে, নিহত সকলৰ আত্মীয় আৰু আহতসকলৰ খবৰ ল'বলৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ উপযুক্ত তদন্ত হ'ব। মন্ত্ৰীজনে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিছে। কাৰ্যতঃ বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বাবেই যে এই কৰুণ ঘটনা সংঘটিত হ'ল সেয়া এতিয়া মন্ত্ৰীজনৰ ভাষ্যতো প্ৰমাণ হৈছে।চৰকাৰে এই ঘটনাত নিহত সকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৱশ্যে বিদ্যুৎ বিভাগৰ এই কাণ্ডক লৈ ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in