ধনুৰ হুংকাৰ! মৰিয়নীত দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক পৰাস্ত কৰিব নোৱাৰে...

আগন্তুক বিধানসভা নিৰ্বাচনত বেছ আকৰ্ষণীয় হ'ব মৰিয়নী সমষ্টিৰ যুঁজ। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই সমষ্টিটোত প্ৰক্ষেপ কৰিছে ড০ জ্ঞানশ্ৰী বৰাক। চৰকাৰী চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা জ্ঞানশ্ৰীৰ জনপ্ৰিয়তা

author-image
Asomiya Pratidin
New Update
jdjdj

ডিজিটেল ডেস্কঃ আগন্তুক বিধানসভা নিৰ্বাচনত বেছ আকৰ্ষণীয় হ'ব মৰিয়নী সমষ্টিৰ যুঁজ। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই সমষ্টিটোত প্ৰক্ষেপ কৰিছে ড০ জ্ঞানশ্ৰী বৰাক। চৰকাৰী চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা জ্ঞানশ্ৰীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা পোনচাতেই উলাই কৰিব নোৱাৰি। এনে পৰিস্থিতিত এই সমষ্টিটোৰ পৰা ৫বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে কটাক্ষ কৰিছে জ্ঞানশ্ৰীক।

যোৱা শনিবাৰে নিশা দলীয় এক কাৰ্যসূচীত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তাত বিধায়ক কূৰ্মীয়ে কয় যে, দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে। ধুনীয়া ছোৱালী এজনী মৰিয়নীত আহিছে বুলি শুনিছো।'  বিধায়ক গৰাকীয়ে ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে যে, ছোৱালীজনী ৰাইজৰ দলৰ নে অসম জাতীয় পৰিষদৰ?

ৰূপজ্যোতি কূৰ্মীয়ে লগতে কয় যে, এই সমষ্টিটোত মোৰ মামা, ভনী, বৌ, দাদাৰে ভৰি আছে। কোনোবাই বিপদ হ'লেই মোক বিচাৰে। সকলোৱে মোক ধনু বুলিয়েই জানে। এই সকলোবোৰে মিলি ৫বাৰকৈ জিকালে আৰু ৬নম্বৰ বাৰো মোক জিকাব। বেলেগ কোনোবা আহি লাভ নাই। দেখিবলৈ ধুনীয়া হ'লেই নিৰ্বাচনত জিকিব নোৱাৰি। 

অসম