বাংগালুৰুৰ পৰা অসমলৈ চাইকেল যাত্ৰা, ২৭০০ কিলোমিটাৰ অতিক্ৰম কৰি মাতৃভূমিত প্ৰৱেশ ৰূপকৰ

বাংগালুৰুৰ পৰা অসমলৈ চাইকেল যাত্ৰা, ২৭০০ কিলোমিটাৰ অতিক্ৰম কৰি মাতৃভূমিত প্ৰৱেশ ৰূপকৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপে উৎফুল্লিত কৰিছে নাৰায়ণপুৰবাসীক। সুদূৰ বাংগালুৰুৰ পৰা অসম অভিমুখে চাইকেল যাত্ৰা আৰম্ভ কৰা যুৱকজন বুধবাৰে সন্ধিয়া আহি উপস্থিত হয় অসম সীমান্তৰ শ্ৰীৰামপুৰ গেটত। ৰূপক শইকীয়া নামৰ যুৱকজন নাৰায়ণপুৰৰ সমীপৰ ভোলাবৰী নিবাসী পুতু শইকীয়া আৰু সৰুমাই শইকীয়াৰ একমাত্ৰ পুত্ৰ।

ৰূপকে দীৰ্ঘদিন ধৰি বাংগালুৰৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল। অসমৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত ৰূপকে এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে। ৰূপকে বাংগালুৰৰ এছএছচিএছবি অসমীয়া নামঘৰৰ পৰা যোৱা ১৫ নৱেম্বৰৰ পুৱা এই যাত্ৰা আৰম্ভ কৰিছিল।
অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা, অসমৰ বান, গৰা খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ থলুৱা শিক্ষিত লোকৰ নিযুক্তি দিয়াকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এই যাত্ৰা আৰম্ভ কৰিছিল অসম সন্তান ৰূপক শইকীয়াই।

প্ৰতিদিনে ১৮০ৰ পৰা ২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুঠ ২৭০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অসম সীমান্তত প্ৰবেশ কৰে ৰূপকে। যুৱকজনে অহা ৮ ডিছেম্বৰৰ দিনা গুৱাহাটীত প্ৰবেশ কৰিয়েই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰথম সাক্ষাৎ কৰিহে জন্মভূমি নাৰায়ণপুৰলৈ ৰাওনা হ'ব।

উদ্যমী যুৱকজনে অসমৰ সংবাদ মাধ্যমৰ লগতে সমুহ অসম বাসীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। যুৱকজনৰ এই যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰিছে জন্মস্থান ভোলাবৰীবাসীৰ লগতে সমগ্ৰ নাৰায়ণপুৰ-লখিমপুৰবাসী। উদ্যমী যুৱকজন সুকলমে অসম তথা জন্মস্থান লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হওকহি তাকেই সকলোৱে মনে-প্ৰাণে কামনা কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in