ৰুক্মিণীগাঁৱত সংঘটিত বিস্ফোৰণত নিহত নলবাৰীৰ মৃদুল, কাৰিকৰী শিক্ষা নথকাৰ পাছতো কামত ৰখাৰ অভিযোগ স্থানীয় লোকৰ…

ৰুক্মিণীগাঁৱত সংঘটিত বিস্ফোৰণত নিহত নলবাৰীৰ মৃদুল, কাৰিকৰী শিক্ষা নথকাৰ পাছতো কামত ৰখাৰ অভিযোগ স্থানীয় লোকৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। মহানগৰীৰ ৰুক্মিণীগাঁৱৰ এখন ফায়াৰ এক্সিটিংগুইছাৰ ৰিফিলিঙৰ দোকানত সংঘটিত হয় এই বিস্ফোৰণ।

জানিব পৰা মতে, বিস্ফোৰণ সংঘটিত হোৱা এই দোকানখন পি কে ভৰালী নামৰ এজন ব্যক্তিৰ পত্নীৰ মিনতী ভৰালীৰ নামত পঞ্জীয়ন কৰা আছে। ইফালে, দিনৰ প্ৰায় ২ বজাত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰাণ হেৰুৱাই এজন লোকে।

লক্ষণীয় কথাটো হ'ল যে, যিজন ব্যক্তি এই কামত জড়িত আছিল তেওঁৰ কোনো কাৰিকৰী শিক্ষা নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ৩৬ বছৰীয়া নলবাৰীৰ আজাৰাৰ বাসিন্দা মৃদুল ডেকা নামৰ যুৱকজনে কোনো কাৰিকৰী শিক্ষা নথকাৰ পাছতো দোকানখনত কিয় কামত ৰাখিছিল বুলি প্ৰশ্নও উত্থাপন কৰিছে একাংশই। ইফালে, ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in