হঠাৎ আবেগিক হৈ পৰিল আৰ পি শৰ্মা, কিয়…

হঠাৎ আবেগিক হৈ পৰিল আৰ পি শৰ্মা, কিয়…

ডিজিটেল সংবাদ,ওৰাং: ওৰাঙত ৰাজনৈতিক গুৰু অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈক সোঁৱৰি হঠাৎ আবেগিক হৈ পৰিল আৰ পি শৰ্মা। দলীয় টিকট লাভ কৰি ওৰাঙৰ হৰিহৰ শিৱ মন্দিৰত আশীষ লৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হঠাৎ অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোঁৱৰি আবেগিক হৈ পৰা পৰিলক্ষিত হল আৰ পি শৰ্মাক।

কংগ্ৰেছৰ দলীয় টিকত লাভ কৰি সমষ্টিত ভৰি দিয়েই সমৰ্থকৰ সৈতে ওৰাঙৰ হৰিহৰ শিৱ মন্দিৰত আশীষ লয় আৰ পি শৰ্মাই। সমষ্টিত প্ৰৱেশ কৰিয়েই আৰ পি শৰ্মাৰ ঘোষণা বৰছলাত তেওঁৰ কোনো প্ৰতিদন্দ্বী নাই। ৰাইজ তেওঁৰ লগত আৰু কংগ্ৰেছৰ পক্ষত আছে। এইবাৰ বৰছলাত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী আৰ পি শৰ্মাৰ। আৰ পি শৰ্মাই বিজেপিৰ সমালোচনাত মুখৰ হৈ হিমন্ত বিশ্ব শৰ্মাক পুনৰ কংগ্ৰেছলৈ পৰিষ্কাৰ কৰি আনিম বুলি মন্তব্য কৰে।

৭২ নং বৰছলা সমষ্টিত এইবাৰ বিজেপি নহ'য় কংগ্ৰেছ হ'ব তেওঁ মন্তব্য কৰে। বিজেপিৰ হিন্দুত্ববাদৰ পৰিবৰ্তে এইবাৰ বৰছলা সমষ্টিত আদৰ্শবাদ হ'ব বুলি তেওঁ উল্লেখ কৰে। আৰ পি শৰ্মাৰ মন্তব্য অসমত কংগ্ৰেছৰ আসন ১০০+ হ'ব। আনহাতে বিজেপিয়ে কেৱল মাত্ৰ ৩৫ খন আসন লাভ কৰিব। বৰছলা সমষ্টিত আৰ পি শৰ্মাই ৫০ পৰা ৮০ হাজাৰ ভোটৰ ব্যৱধানত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে। ওৰাঙৰ হৰিহৰ শিৱ মন্দিৰৰ পৰা তিনি সহস্ৰাধিক দলীয় সমৰ্থকে বাইক ৰেলীৰে বৰছলা সমষ্টিলৈ আদৰি নিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী আৰ পি শৰ্মাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in