কেনে আছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মা?

কেনে আছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মা?

ডিজিটেল সংবাদ, উত্তৰ অসমঃ কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালত বৃক্ক সংৰোপনৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা ক্ৰমশঃ সুস্থ হৈ উঠিছে।

দীৰ্ঘ দিন বৃক্ক ৰোগত আক্ৰান্ত তেজপুৰ লোক সভা সমষ্টিৰ সাংসদগৰাকীৰ যোৱা ৩০ জুলাইত কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালে বৃক্ক সংৰোপন কৰাৰ পিছতেই তেওঁৰ শাৰিৰীক অৱস্থা বেয়াৰ ফালে ঢাল খাইছিল। কেইবাদিনো সাংসদগৰাকীক আই চি ইউত ৰাখিব লগা হৈছিল।

শেহতীয়াকৈ হাস্পতালখনৰ অভিজ্ঞতাপুষ্ট এদল চিকিৎসকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে সাংসদগৰাকী। তেওঁ কথা ক'ব পৰা হৈছে যদিও বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ।

অহা ছেপ্টেম্বৰ মাহলৈকে তেওঁ চিকিৎসালয়খনতে থাকিব লাগিব। উল্লেখ্য যে, এপিএছচি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা সাংসদগৰাকীৰ কন্যা পল্লৱী শৰ্মায়ো দুসপ্তাহৰ বাবে আদালতৰপৰা অন্তৱৰ্তীকালিন জামিন পাই কলকাতাত পিতৃৰ কাষতে আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in