ৰৌতাৰ পানীখাইতিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৪ যাত্ৰীৰ ৩ জনৰে অৱস্থা অতি সংকটজনক…

ৰৌতাৰ পানীখাইতিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৪ যাত্ৰীৰ ৩ জনৰে অৱস্থা অতি সংকটজনক…

ডিজিটেল সংবাদ ওৰাংঃ দেওবাৰে সন্ধিয়া ৰৌতাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী আই২০ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে এটা কালভাৰ্টত। ফলত বাহনখনত থকা ৪ জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে বাহনত থকা আটাইকেইজন আৰোহীৰে অৱস্থা অতি সংকটজনক। স্থানীয় ৰাইজে আহত আটাইকেইজন আৰোহীকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সন্ধিয়া ৬ বজাত ৰৌতাৰ পানীখাইতিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত পতিত হোৱা আই২০ বাহনখনৰ নম্বৰ এছ ০১ই এ ৭৬৭৩ । জানিব পৰা মতে বাহনখনত থকা ৪ জন যাত্ৰীৰ ৩ জনৰে অৱস্থা বৰ্তমান অতি সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in