এইবাৰ এদিনীয়া ক্ৰিকেট দলটোৰো অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মালৈ…

এইবাৰ এদিনীয়া ক্ৰিকেট দলটোৰো অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মালৈ…

ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা হ'ব ভাৰতীয় ক্ৰিকেটৰ এদিনীয়া দলটোৰ অধিনায়ক। টি-২০ বিশ্বকাপৰ পিছতেই ভাৰতীয় টি-২০ দলটোৰ পূৰ্ণ পৰ্যায়ৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাক এইবাৰ এদিনীয়া দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে বি চি চি আই। খুব সম্ভৱ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বেই বি চি চি আইয়ে এই বিষয়ে ঘোষণা কৰিব। যদি সেইয়াই হয় তেনে দক্ষিণ আফ্ৰিকাত ৰোহিতৰ নেতৃত্বত খেলিব লাগিব বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিয়ে। ইতিমধ্যে বি চি চি আইৰ সূত্ৰ আধাৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়ে ব্যাপক চৰ্চা লাভ কৰিছে।

চলিত বৰ্ষতে ভাৰতীয় দলটো দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাব। ৩ খন টেষ্ট ৩ খন এদিনীয়াত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। অৱশ্যে এই ভ্ৰমণত টি-২০ শৃংখলাও অন্তৰ্ভুক্ত কৰা হৈছে যদিও বৰ্তমানেও টি-২০ৰ সম্পূৰ্ণ সূচী তৈয়াৰ হোৱা নাই। পৰৱৰ্তী সময়ত এই সূচী প্ৰকাশ কৰা হ'ব বুলি বি চি চি আইৰ সচিব জয় শ্বাহে ঘোষণা কৰিছে।

উল্লেখ্য যে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে ৰোহিত শৰ্মাইয়ো পূৰ্ণ পৰ্যায়ৰ টি-২০ দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা ৩ খন টি-২০ চিৰিজত নিউজিলেণ্ডক হোৱাইট ৱাছ কৰি চিৰিজ জয় কৰিবলৈ সক্ষম হৈছে।

অমিক্ৰনৰ ভয়াবহতাৰ মাজতে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ উলোৱা ভাৰতীয় দলটোৱে ২৬ ডিচেম্বৰত প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ'ব। দ্বিতীয় আৰু তৃতীয় টেষ্ট হ'ব ক্ৰমে ৩ আৰু ১১ জানুৱাৰীৰ পৰা। অৰ্থাত ভাৰতীয় দলটো এইবাৰ নতুন বছৰ দক্ষিণ আফ্ৰিকাতে উদযাপন কৰিব।

ইফালে ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে দুজনকৈ অধিনায়ক লাভ কৰিছে। ২০১৪ চনত মহেন্দ্ৰ সিং ধোনিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ৰ দায়িত্ব গ্ৰহণ কৰিছিল বিৰাট কোহলিয়ে। ধোনিয়ে সেই সময়ছোৱাত ভাৰতীয় দলটোৰ এদিনীয়া আউ টি-২০ দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত ২০১৭ চনৰ পৰা বিৰাটে ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in