আজি বিজয়া দশমীঃ মহানগৰবাসীয়ে ঘৰৰ পৰা বাহন লৈ ওলোৱাৰ পূৰ্বে জানি লওক এই কথা…

আজি বিজয়া দশমীঃ মহানগৰবাসীয়ে ঘৰৰ পৰা বাহন লৈ ওলোৱাৰ পূৰ্বে জানি লওক এই কথা…

বাহন সমূহ কোন দিশে যাব লাগিবঃ

  • বিজয়া দশমী উপলক্ষে মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীৰ যান–বাহন শাখাই।
  • বি বৰুৱা ৰোডত সাধাৰণ বাহনৰ প্ৰৱেশ নিষিদ্ধ।
  • চানমাৰিৰ পৰা জালুকবাৰীমুখী সাধাৰণ বাহন এম চি ৰোডৰ পৰিৱৰ্তে জিএনবি ৰোডেৰে যাব লাগিব।
  • জিএনবি ৰোডৰ পৰা আৰ বি আই পইণ্ট হৈ এটি ৰোডেৰে জালুকাবাৰীলৈ যাব লাগিব বাহনসমূহ।
  • ফটাশিল আমবাৰী আৰু ভৰলুমুখৰ পৰা অহা সাধাৰণ বাহন এ টি ৰোড আৰু বি জি ৰোডেৰে পাণ্ডুলৈ যাব লাগিব।
  • জি এন বি আৰু কে এন বি পথেৰে অহা সাধাৰণ লোকৰ বাহনসমূহ জিলা পুথিভঁৰাল, সন্দিকৈ কলেজৰ সন্মুখেৰে যাব নোৱাৰিব।
  • জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, নুনমাটি আৰু দিছপুৰলৈ অহা সকলো সাধাৰণ লোকৰ বাহন এম জি ৰোডৰ এপল' পইণ্টত দিশ সলাই টি আৰ পি ৰোডেৰে যাব লাগিব।
  • টি আৰ পি পথৰ পৰা এইচ বি পথ অথবা এ টি ৰোডেৰে বাহনসমূহ গন্তব্য স্থানলৈ যাব লাগিব।
  • উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো বাহন তৈবুল্লা পথ হৈ এম জি ৰোডেৰে যাব লাগিব

প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে পথ নিৰ্দেশনা

  • চানমাৰিৰ পৰা অহা বাহন টি চি পইণ্ট হৈ এম চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব।
  • টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ দিশে
  • লালগণেশৰ দিশৰ বাহন বি কে কাকতি পথ, জি এছ ৰোড, পল্টনবজাৰ, পাণবজাৰ উৰণীয়া সেতু, এম এল এন পথ আৰু এম জি ৰোডেৰে যাব লাগিব।
  • এ কে আজাদ পথেৰে নেপালী মন্দিৰ হৈ পাণবজাৰ উৰণীয়া সেতুৰে এম এন নেহৰু পথ অথবা এম জি ৰোডেৰে যাব পাৰিব বাহনসমূহ।
  • কুমাৰপাৰা, আঠগাঁও আৰু ফটাশিলৰ দিশৰ বাহন এ টি ৰোড, টি আৰ পি ৰোড, কেডাৰ ৰোড আৰু এম জি ৰোড হৈ যাব লাগিব।
  • ৰাজগড়, ভঙাগড়, খ্ৰীষ্টানবস্তিৰ দিশৰ বাহন জি এছ ৰোড, ভঙাগড়, ৰাজগড় পথ, আৰ জি বৰুৱা পথ, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড অথবা এম জি ৰোডেৰে যাব লাগিব।
  • গণেশগুৰি, দিশপুৰ, কাহিলীপাৰাৰ দিশৰ বাহন গণেশগুৰি হৈ আৰ জি বৰুৱা ৰোড, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in