পথৰ কাষত ৰৈ থাকোঁতেই বাহনে মহতিয়াই নিলে এজনক..

পথৰ কাষত ৰৈ থাকোঁতেই বাহনে মহতিয়াই নিলে এজনক..

ডিজিটেল সংবাদ ছমৰীয়াঃ বকোৰ নিচিলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷মাৰুতি চুজুকি ৮০০ৰ খুন্দাত থিতাতে নিহত এজন৷মৃত লোকজন নিচিলামাৰী গাঁৱৰ মৰণ দাস৷লগৰ সমনীয়াৰ সৈতে পথৰ কাষত ৰৈ কথা পাতি থকাৰ অৱস্থাতে বাহনখনে মহতিয়াই নিয়ে লোকজনক৷মৃত লোকজনৰ বয়স প্ৰায় ৫০ বছৰ৷আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধাবাটতে মৃত্যুক সাৱটি লয় লোকজনে৷লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ নিছিলামাৰী মালিবাৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in